Sunday 10 December 2017

স্বাগতম


হং-কঙৰ অৰঙে দৰঙে

হং-কঙৰ অৰঙে দৰঙে
 
    কেথে’ পেচিফিকৰ বিমানখন হংকঙত অৱতৰণ কৰোঁতে তাত সন্ধিয়া প্ৰায় ৬:৪৫ বাজিছিল – অস্তগামী সুৰুজৰ ৰাঙলী আভাই ৰঙীন কৰি তুলিছিল চৌপাশবিমানৰ পৰা নামিয়েই এই দৃশ্য দেখি এক অজান পুলকত মন ভৰি পৰিল। হংকঙত ভাৰতীয় নাগৰিকৰ বাবে পোন্ধৰ দিনৰ বাবে ভিচা নোহোৱাকৈ প্ৰৱেশৰ সুযোগ থকা বাবে অভিবাসন (Immigration) ত বিশেষ একো প্ৰশ্নবাণৰ সন্মুখীন নোহোৱাকৈয়ে বিমানবন্দৰৰ পৰা ওলাই হোটেল অভিমুখে ৰাওনা হ’লোঁ। হংকঙত টেক্সী অতি খৰচী হোৱা বাবে আৰু বিমানবন্দৰৰ পৰা বেছিভাগ ঠাইলৈ যাবলৈ বাচৰ সুব্যৱস্থা থকা বাবে পৰ্য্যটকসকলে বাচকেই পৰিবহনৰ প্ৰথম বিকল্প হিচাপে লয়। বাচ আস্থানলৈ আহি দেখিলোঁ, আটাইবোৰ বাচ দুখলপীয়া – এচিয়াৰ আন দেশবোৰত নেদেখা এক দৃশ্য। বাচখনত উঠিয়েই পালোঁ আমাৰ এক অতিকে চিনাকি পৰিবেশ – খুচুৰাৰ অভাৱ। পোনেই ড্ৰাইভাৰজনে ক’লে “Sorry, we don’t have change. You have to pay the exact amount – 33 Hong Kong dollars.” ইতিমধ্যেই বুক কৰি থোৱা হোটেলখনৰ নিকটবৰ্তী বাচ আস্থান চুং কিং মেনচন (Chung King Mansion) লৈ যাবলৈ প্ৰায় এঘন্টা পোন্ধৰ মিনিট লাগিলএইখিনি চহৰখনৰ এক অতি ব্যস্ত অঞ্চল; পৰ্য্যটকৰ ভীৰো খুবেই বেছি। চীনদেশৰ মূল ভূখণ্ডত ইংৰাজী ভাষাৰ প্ৰয়োগ প্ৰায় নাই বুলিবই পাৰি কিন্তু তাৰ বিপৰীতে ইয়াত ইংৰাজীৰ বহুল প্ৰয়োগ দেখিবলৈ পালোঁ। বাচ আস্থানত নামি হোটেলত সোমাবলৈ লওঁতেই দেখিলোঁ পৰঠা, পুৰি-তৰকাৰীৰ কেবাখনো ৰেষ্টুৰেন্ট আৰু ৰসগোল্লা, জিলাপী আদি মিঠাইৰ বহুতো দোকান। আনকি মেংগো বাইট, আন মুখৰোচক ভৰাই ৰখা কাঁচৰ টেমা আৰু পানমচলা, মিঠা চুপাৰীৰ পেকেট শাৰী শাৰীকৈ ওলোমাই থোৱা সৰু সৰু দোকানোদোকানীবোৰৰ মুখাবয়ববোৰ দেখিও ভাৰতীয় যেনেই লাগিলকিনো কথা থিৰাং কৰিবলৈ নৌপাওঁতেই পিছপিনৰ পৰা কোনোবা এজনে হিন্দীতে সুধিলেহি “ভাইচাহাব, ৰুম চাহিয়ে ক্যা?”ঘূৰি চাই দেখিলোঁ মুৰত পাগুৰীৰে সৈতে এজন সুঠাম পাঞ্জাবী যুবক। “নাই নালাগে” বুলি কৈ আগবাঢ়িলোঁ। হোটেলত কিছুসময় জিৰণি লৈ ওচৰতে এপাক মাৰোঁ বুলি ওলালোঁ। ভাৰতীয় মুখাবয়বৰ লোকৰ কেইবাখনো দোকান, বস্তুও ভাৰতীয় – ভুজিয়া, চানাচুৰ, মিঠাই ! চীনা ভাষাৰ উপৰি হিন্দী, বঙালী আৰু নেপালী ভাষাত কথা পতা কাণত পৰিল। ভাৰতীয় লোকৰ ইমান পয়োভৰ দেখি বেলেগ দেশ এখনত থকা যেন লগাই নাছিল। তাতে আকৌ ভাৰতীয় খাদ্য পাই নিশাৰ আহাৰো পৰঠা-তৰকাৰীৰেই কৰা হ’ল

নিশাৰ আহাৰৰ পিছতে ওচৰতে এপাক মাৰোঁ বুলি ওলালোঁ। চুং কিং মেনচনৰ পৰা ভিক্টোৰিয়া বন্দৰ আৰু ইয়াৰ পাৰতে অৱস্থিত এভিনিউ অব ষ্টাৰছ (Avenue of Stars) লৈ তামোল এখন চোবোৱাৰ বাট মাথোনসন্মুখৰ নাথান পথেৰে কিছুদূৰ গ’লেই তাত ভিক্টোৰিয়া বন্দৰ অৱস্থিত। এভিনিউ অব ষ্টাৰছৰ মূখ্য আকৰ্ষন হ’ল, গৈ থকা বাটত পথৰ ওপৰতে সুন্দৰকৈ সংৰক্ষন কৰি ৰখা হংকঙৰ মুঠ ১০৭ জন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী, খেলুৱৈ, গায়ক আদিৰ হাতৰ চাব আৰু চহী। ইয়াৰ ভিতৰত ব্ৰুছ লী, জেট লী, জেকী চান আদি অন্যতম বন্দৰটোৰ নিশাৰ দৃশ্য অতিকৈ মনোমোহা। আনটো পাৰৰ ৰং-বিৰঙৰ আলোকসজ্জাৰে সজ্জিত অট্টালিকাৰ সাগৰত পৰা প্ৰতিবিম্ববোৰে সোণত সুৱগা চৰায়এই অঞ্চলৰ আন এক আকৰ্ষণ হ’ল প্ৰায় ২.৫ মিটাৰ উচ্চতাৰ ব্ৰুছ লীৰ প্ৰতিমূৰ্তিটোহংকংস্থিত Bruce Lee fan club এ দান-বৰঙনিৰে সংগ্ৰহ কৰা এক লাখ আমেৰিকান ডলাৰেৰে এই মূৰ্তিটো নিৰ্মান কৰোৱাইছিলমূৰ্তিটোৰ সেই বিশেষ ভঙ্গীমাটো ১৯৭২ চনৰ ব্ৰুছ লী অভিনীত ছবি Fist of Fury ৰ এটা দৃশ্য (ready to strike moment) ৰ পৰা লোৱা হৈছে২০০৫ চনৰ ২৭ নবেম্বৰত ব্ৰুছ লীৰ ভায়েক ৰবাৰ্ট লীয়ে এই মূৰ্তিটো উন্মোচন কৰিছিল। ভিক্টোৰিয়া বন্দৰৰ কাষেৰে অহা-যোৱা কৰা একুৱা লুনা (Aqua Luna) নামৰ বিশেষ নাওখন ইয়াৰ আন এক আকৰ্ষন। একুৱা লুনা হ’ল চীনৰ চং ৰাজপৰিয়ালৰ ৰাজত্বকালত (৯৬০ – ১২৭৯) ব্যৱহৃত পালতৰা নাওৰ আৰ্হিত তৈয়াৰ কৰা এখন বিশেষ নাও। নাওখনৰ চীনা নাম চিউং পো চাই (Cheung Po Tsai)উনৈশ শতিকাৰ জলদস্যু চিউং পো চাইৰ নামেৰে এই জাহাজখনৰ নামাকৰণ কৰা হৈছে। দুখলপীয়া এই জাহাজখনেৰে প্ৰধানতঃ পৰ্য্যটকক ভিক্টোৰিয়া বন্দৰ (Victoria harbour) আৰু ইয়াৰ আশে-পাশে থকা ঠাইসমূহৰ দৰ্শন কৰোৱা হয়দিনৰ ভাগত Tsim Sha Tsui, Wan Chai আৰু Hung Hom ৰ দৰ্শন কৰোৱা হয় যদিও সন্ধিয়াৰ ভাগত কেৱল Tsim Sha Tsue ৰ হে দৰ্শন কৰোৱা হয়। পিছে সাপ্তাহান্তিকত ওচৰৰে ষ্টেন্‌লি, আবাৰদীন, চিউং চাউ দ্বীপ আৰু Joss House Bay কো সামৰি এক দীঘলীয়া যাত্ৰা কৰোৱা হয় পৰ্য্যটকসকলক।

       পিছদিনা ৰাতিপুৱাই চহৰখনৰ আন কিছু ঠাই চাওঁ বুলি ওলালোঁ। প্ৰথমতেই ওলালোঁ চুক লাম চিম মঠলৈ (Chuk Lam Sim monastery) মূল চহৰখনৰ পৰা কিছু দূৰৈত অৱস্থিত মঠটোলৈ গৈ থকাৰ বাটত গাইডজনে হংকঙৰ ওপৰত এটি সম্যক ধাৰণা দিয়াৰ উদ্দেশ্যে বহুতো সৰু সৰু কথা কৈ গ’ল। হংকং শব্দটোৰ অৰ্থ হ’ল সুগন্ধি বন্দৰ (Fragrant harbour)চীনদেশৰ অন্তৰ্গত যদিও এইখন এখন স্বায়ত্বশাষিত অঞ্চল হোৱা বাবে চীনৰ মূল ভূখণ্ডৰ তুলনাত যথেষ্ট পাৰ্থক্য বিদ্যমান আনকি হংকং আৰু চীনদেশৰ জাতীয় পতাকাও সম্পূৰ্ণ বেলেগ। বিশ্বৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ দেশসমূহৰ ভিতৰত হংকং এখন। প্ৰথম অ’পিয়াম যুদ্ধৰ (১৮৩৯ – ১৮৪২) পিছত হংকং এখন ব্ৰিটিছ উপনিবেশত পৰিণত হয়। দ্বিতীয় বিশ্বযুদ্ধত জাপানে এই ভূমিখণ্ড অধিকাৰ কৰে যদিও ১৯৯৭ চনলৈ ইংৰাজসকলে ইয়াৰ ওপৰত নিজৰ নিয়ন্ত্ৰন বজাই ৰাখিবলৈ সমৰ্থ হয়। পিছলৈ ব্ৰিটিছসকল আৰু চীনৰ মাজত হোৱা চুক্তি অনুসাৰে হংকঙক চীনদেশলৈ হস্তান্তৰ কৰা হয়। হংকঙক চীনৰ এক বিশেষ প্ৰশাষনিক অঞ্চল (Special administrative region) বুলি জনা যায় কাৰণ ই চীনৰ বিশেষ হস্তক্ষেপ নোহোৱাকৈ যিকোনো নীতি গ্ৰহণ কৰিব পাৰে। গাইডজনে কৈ গ’ল – চীনৰ মূল ভূখণ্ড আৰু টাইৱানত চলা মাণ্ডাৰিন (Mandarin – চীনা ভাষাৰ এটা উপভাষা) ভাষাৰ বিপৰীতে ইয়াত চলে কেন্টোনিজ (Cantonese – চীনা ভাষাৰেই আন এক উপভাষা) ভাষা। চীনা ভাষাৰ এটা বিশেষত্ব হ’ল, একেটা শব্দৰেই হ্ৰস্ব আৰু দীৰ্ঘ স্বৰৰ উচ্চাৰণে সম্পূৰ্ণ বেলেগ বেলেগ অৰ্থ বুজায়। মাণ্ডাৰিন ভাষাত এনে ভিন্ন স্বৰ চাৰিটা থকাৰ বিপৰীতে কেণ্টোনিজ ভাষাত এই স্বৰ ৬ টা (আচলতে মূখ্য স্বৰহে ৬টা – মূখ্য, গৌণ স্বৰ মিলি মুঠ ৯টা)তাৰোপৰি মাণ্ডাৰিন ভাষাত ব্যৱহাৰ হোৱা বৰ্ণসমূহ প্ৰাচীন চীনা ভাষা বৰ্ণসমূহৰ সামান্য সৰলীকৃত ৰূপ শীতকালত বাদে আন প্ৰায়খিনি সময় হংকঙৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। গ্ৰীষ্মকালত ধুমুহা-গাজনিৰ লগতে ঘূৰ্ণীবতাহো প্ৰায়েই আহে যদিও ইয়াৰ প্ৰকোপ খুব প্ৰবল নহয়। ২০০৯ চনত হংকং ষ্টক এক্সেঞ্জ বিশ্বৰ সপ্তম বৃহত্তম ষ্টক এক্সেঞ্জ হিচাপে পৰিগণিত হৈছিল। কথাৰ মাজে মাজে বাহিৰৰ দুই এটা বিশেষ অঞ্চল আঙুলিয়াই গ’ল গাইডজনেচালকজনৰ কুশলী ড্ৰাইভিঙত আমাৰ মেৰুন ৰঙৰ গাড়ীখন পৰ্বতৰ মাজৰ সৰ্পিল বাটটোৰে অকাই-পকাই গৈ থাকিল৷ মাজে মাজে পাহাৰৰ পৰা বৈ অহা দুই এটি সৰু নিজৰা। আনটো ফালে সাগৰখনৰ মূল ভূমিখণ্ডৰ ভিতৰলৈ সোমাই অহা অঞ্চলবোৰত খৰস্ৰোতা পানীয়ে ঠেকা খোৱাত অহৰহ শব্দময় হৈ আছিল পৰিৱেশটো৷ কিছুসময় পিছত চুক লাম চিম মঠ পালোগৈ। এই বৌদ্ধ মঠটো হংকঙৰ বিশালকায় বৌদ্ধ মঠবোৰৰ ভিতৰত অন্যতম। চীনা ভাষাত চুক লাম চিমৰ অৰ্থ হ’ল বাহৰ অৰণ্য (Babmoo forest) মঠটোৰ দুৱাৰৰ দুইকাষে থকা সিংহৰ মূৰ্তি দুটাৰ অৰ্থ গাইডজনে বুজাই দিলে। অলপ সুক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰে এটাই এটা গোলাকাৰ বলৰ আকৃতিৰ বস্তু আগঠেঙেৰে খামুচি ধৰি থকাৰ বিপৰীতে আনটোৱে আগঠেঙেৰে সিংহৰ পোৱালী এটা ধৰি আছে। ইয়াৰদ্বাৰা সাংকেতিকভাৱে প্ৰথমটো মতা আৰু আনটো মাইকী সিংহ বুলি বুজোৱা হৈছে। কিন্তু দুয়োটাকে একে স্তৰতে ৰাখি দ্বাৰপালৰ কাম কৰা দেখুওৱা বাবে মতা-মাইকী দুয়োকে কোনো ভেদভাব নৰখাকৈ একে স্তৰত ৰখাটোকে বুজোৱা হৈছে। মঠটোৰ ভিতৰলৈ সোমোৱাৰ আগেয়ে জোতা খুলিবলৈ লওঁতেই গাইডজনে ক’লে “No no, you don’t need to take off your shoes. In most of the Budhhist temples people do, but noone does here.” অলপ ইতস্ততঃ বোধ কৰিছিলো যদিও জোতা নোখোলাকৈয়ে সোমালোঁ। ভিতৰত তিনিটা বিশালকায় বুদ্ধৰ মূৰ্তি আছে। ইয়াৰ মাজৰটোৱে বুদ্ধদেৱৰ প্ৰৱোধন (Enlightenment) পোৱা অৱস্থাক বুজাইছে। পিছপিনে মন্দিৰটোৰ অন্তৰ্গত এখন বৃদ্ধাশ্ৰম অৱস্থিত। ইয়াৰ কাষতে অৱস্থিত এটা সৰু কোঠাত কেইবাজনো বয়সস্থ লোকৰ ছবি ক্ৰমিক সংখ্যাৰে সৈতে ৰখা আছে পিছে এই সংখ্যাবোৰৰ মাজত এক সংখ্যাটো বাদ দিয়া হৈছে। যেনে একৈশ লিখিবলৈ হ’লে দুই আৰু এক লিখাৰ সলনি ২০a বা তেনেধৰণে লিখা আছে। হংকঙত এক সংখ্যাটোক অশুভ বুলি ভবা হয় বাবেই এনে কৰা হৈছে বুলি গাইডজনে জনালে। যিহেতু বৌদ্ধ ধৰ্মত পুনৰ্জন্ম বিশ্বাস কৰা হয়, ইয়াত বহুতো লোকে (বা তেওঁলোকৰ আত্মীয় স্বজনে) মৃত্যুৰ আগতে যথেষ্ট টকা দান দি সকলো সুকলমে হৈ যোৱাৰ কামনাৰে ইয়াত নিজৰ নাম খোদাই কৰি ৰাখিবলৈ বিচাৰে। মানুহজনৰ মৃত্যুৰ পিছত ইয়াত তেওঁৰ নাম, ছবিসহ আটাইবোৰ তথ্য সন্নিবিষ্ট কৰি সংৰক্ষণ কৰি ৰখা হয়।

       মন্দিৰটোৰ পৰা ওলাই পোনে পোনে যাত্ৰা কৰিলোঁ প্ৰায় ৯০০ বছৰ পুৰণি চুই মেই গাঁৱলৈ (Shui Mei Village) গাইডজনে জনোৱা মতে গাঁৱখনলৈ নতুনকৈ আহি বাস কৰা লোক প্ৰায় নাই বুলিবই পাৰি। বৰ্তমান ইয়াত বসবাস কৰি থকা প্ৰায় সকলোখিনি লোকেই আৰম্ভনিতে থকা লোকসকলৰ বংশধৰহে। গাঁৱখন যে প্ৰাচীন কালৰেপৰা শিক্ষা-দীক্ষাত আগবঢ়া আছিল তাৰ প্ৰমাণ দিয়ে ইয়াত বৰ্তমানো সংৰক্ষিত অৱস্থাত থকা ই-তায়ী অধ্যয়ন কক্ষটোৱে (Yi Tai Study Hall)কিং বংশৰ (Qing dynasty) দাওগুৱাঙৰ (Daoguang) ৰাজত্বকালত (১৮২১ – ১৮৫০) ১৬ জন বিদগ্ধ পণ্ডিতেৰে গঠিত টাং ই টাই উই (Tang Yi Tai Wui) সমিতিয়ে গাঁৱখনৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষিত কৰি তোলাৰ মানসিকতাৰে এই কক্ষটো নিৰ্মাণ কৰি উলিয়াইছিল। মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিৰ ব্যৱস্থাও আছিল। ছাত্ৰ-ছাত্ৰীসকল বহিবৰ বাবে অতি ঠেক ডেস্ক-বেঞ্চৰ ব্যৱস্থা ৰখা হৈছিলগাইডজনৰ মতে শিক্ষাৰ্থীসকলক যথেষ্ট কঠোৰ শিক্ষা দিয়া হৈছিল আৰু সকলো ধৰণৰ আৰামপ্ৰিয়তাৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যৰেই এনে কৰা হৈছিল। কেৱল পুথিগত শিক্ষাতে সীমাবদ্ধ নাৰাখি ইয়াত যুদ্ধকলাৰ প্ৰশিক্ষণৰো ব্যৱস্থা আছিল। কক্ষটোৰ পিছপিনে থকা মুকলি ঠাইখিনি কুংফু প্ৰশিক্ষণৰ বাবে ব্যবহৃত হৈছিল। কক্ষটোৰ সন্মুখ প্ৰাংগনটো শুভ্ৰ শিলেৰে নিৰ্মাণ কৰা বাবে ইয়াৰপৰা পঢ়ি ওলোৱা ছাত্ৰ ছাত্ৰীসকলক students of white stone lane বুলিও জনা গৈছিল। বিংশ শতিকাত আধুনিক শিক্ষাৰ প্ৰভাৱ পৰা সময়ত এই কক্ষটোক এখন প্ৰাথমিক বিদ্যালয়লৈ পৰিবৰ্তিত কৰা হয়। পিছলৈ কেবা বছৰ ধৰি এই এই ঘৰটো পৰিত্যক্ত অৱস্থাত থকাৰ পিছত ১৯৯২ চনত কিছু অংশ পুনৰ্নিৰ্মাণ কৰি উলিওৱা হয়। হংকঙৰ প্ৰাথমিক তথা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বন্ধৰ দিনত ইয়ালৈ শিক্ষামূলক ভ্ৰমণৰ বাবে অনা হয়। তেনে দুটা দলৰ সৈতে কথা-বতৰা হোৱাৰ সৌভাগ্য হৈছিল। শিক্ষকসকলৰ মতে শিক্ষাৰ প্ৰয়োজনীয়তা তথা সেই সময়ত শিক্ষাব্যৱস্থাৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবেই তেওঁলোকক ইয়ালৈ অনা হয়। বিদ্যালয় গৃহটোৰপৰা কিছুদূৰৈত পূৰ্বপুৰুষৰ স্মৃতি সংৰক্ষণ কৰি ৰখা ঘৰটোও এই অঞ্চলৰ আন এক আকৰ্ষন। এনেতে দুজনী ছাত্ৰীক বাহিৰতে ৰৈ থকা দেখি “ভিতৰলৈ কিয় যোৱা নাই?” বুলি সোধাত ১৬ বছৰ বয়স নোহোৱালৈকে অভিভাৱকে ইয়াৰ ভিতৰলৈ সোমাবলৈ মানা কৰি থোৱা বুলি জনালে। অৱশ্যে তেওঁলোকে ইংৰাজীত কথাখিনি ভালদৰে বুজাব নোৱাৰা বাবে প্ৰকৃত কাৰণটো জানিব নোৱাৰিলোঁ।

       ইয়াৰ পিছতে ওলালোঁ ওচৰৰে কাম-টিন বৃক্ষমহল (Kam Tin Tree house)লৈ বুলিখোনোৰ মতে এই ঘৰটো সেই সময়ৰ এটা মন্দিৰ আছিল আৰু আন একাংশৰ মতে এইটো আছিল আন এটা অধ্যয়ন কক্ষ। বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বাবে ওচৰতে থকা প্ৰকাণ্ড বট গছজোপাৰ ঠাল ঠেঙুলিয়ে ঘৰটোক মেৰিয়াই ধৰে আৰু তেনে অৱস্থাতেই ইয়াক সংৰক্ষন কৰি ৰখা হৈছে। বৰ্তমানো গছজোপাৰ ঠাল ঠেঙুলিৰ মাজত ঘৰটোৰ অস্তিত্ব বিৰাজমান। অতি সুক্ষাতিসুক্ষ্ম বস্তুবোৰো এনেদৰে সযতনে সংৰক্ষণ কৰি ৰখা দেখি ভাল লাগিছিল।

       পিছদিনাৰ কাৰ্য্যসুচীত আছিল লানটাউ দ্বীপ (Lantau Island) আৰু দা পিক (The peak) পাৰ্ল নৈৰ মাজৰ এই দ্বীপটো হ’ল হংকঙৰ বৃহত্তম দ্বীপ। মূলতঃ পাহাৰেৰে আগুৰা দ্বীপটোক গছ-গছনিৰ প্ৰাচুৰ্য্যতাৰ বাবেই হংকঙৰ হাওঁফাওঁ (The lung of Hong Kong) বুলি জনা যায়। প্ৰাচীন কালৰ অনেক হস্তনিৰ্মিত বস্তু ইয়াত আৱিষ্কাৰ হৈছে। ইয়াৰ ভিতৰৰ শ্বেক পিক (Shek Pik) ৰ প্ৰস্তৰ শিল্পকৰ্মক পিতল যুগ (Bronze age)ৰ আৰু ফান লাউ (Fan Lau) ৰ শিলাবৃত্তটোক নিওলিথিক যুগ (Neolithic age)ৰ বুলি ধাৰণা কৰা হয়। লানটাউ দ্বীপৰ প্ৰধান আকৰ্ষনৰ ভিতৰত পৰে পো-লিন মঠৰ কাষতে অৱস্থিত প্ৰায় ২৫ মিটাৰ উচ্চতাৰ আৰু ২৫০ টন ওজনৰ পিতলৰ বিশালকায় বুদ্ধৰ মূৰ্তিটো। কেব্‌ল কাৰেৰে প্ৰায় আধাঘন্টাত এই অঞ্চলটোলৈ যোৱাৰ সুব্যৱস্থা আছে। কেব্‌ল কাৰেৰে যোৱা অৱস্থাত গোটেই দ্বীপটোৰ এক নৈসৰ্গিক দৃশ্য দেখি পুলকিত হৈ পৰিলোঁ। ২৬৮ টা চিৰিৰ ওপৰত স্থাপন কৰা এই মূৰ্তিটো চীনৰ বৈমানিক বিভাগ (China Aeronautic Department)ৰ ফালৰ পৰা তৈয়াৰ পৰা হৈছিল। ১৯৭৮ চনত পৰিকল্পনা আৰম্ভ কৰি ১৯৯৩ চনত সম্পূৰ্ণৰূপে তৈয়াৰ কৰি উলিওৱা হৈছিল মূৰ্তিটো। চীনৰ চুই আৰু টাং ৰাজবংশৰ (Sui and Tang Dynasty) স্থাপত্যবিদ্যাৰ চাপ থকা মূৰ্তিটো প্ৰধানতঃ পিতলৰ যদিও মুখমণ্ডলৰ সুক্ষ্মাতিসুক্ষ্ম অভিব্যক্তিবোৰ বিশেষকৈ প্ৰৱোধন পোৱা অৱস্থাৰ অভিব্যক্তিবোৰ নিখুতভাৱে প্ৰকাশ কৰিবলৈ মুখমণ্ডলত সোণৰ ব্যৱহাৰো কৰা হৈছিল।

       একে ধৰণৰ আন এক আকৰ্ষন হ’ল জ্ঞান পথ (Wisdom path)। ইয়াত প্ৰায় ৮-১০ মিটাৰ উচ্চতাৰ ৩৮ টা কাঠেৰে নিৰ্মিত স্তম্ভ অসীম সাংকেতিক চিহ্নটো ()ৰ আকৃতিত সজোৱা আছে। ইয়াত চীনা ভাষাত খোদিত কথাখিনি বৌদ্ধধৰ্মৰ হৃদয় স্তোত্ৰ “প্ৰজ্ঞা পাৰমিতা”ৰ  চীনা ৰূপান্তৰ (মূল: সংস্কৃত)।

       লানটাউ দ্বীপৰ আন এক আকৰ্ষন হ’ল সম্ৰাট দাও গুৱাঙৰ ৰাজত্বকালত ১৮৩২ চনত তৈয়াৰ কৰা টুং চুং দুৰ্গ (Tung Chung fort)। ৫৬০০ বৰ্গমিটাৰ ক্ষেত্ৰফলৰ গ্ৰেনাইট শিলেৰে পৰিবেষ্টিত এই দুৰ্গটোত ছটা বৃহদাকৃতিৰ বৰটোপ সংৰক্ষিত হৈ আছে। প্ৰধানতঃ ইংৰাজসকল আৰু জলদস্যুৰ আক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যেৰেই এই দুৰ্গটো নিৰ্মাণ কৰা হৈছিল।
       তাৰোপৰি মেংগ্ৰুভ গছৰ পৰিস্থিতিক তন্ত্ৰ, নং পিং ট্ৰেইল (Ngong Ping Train), শ্বাওলিন কুংফু সাংস্কৃতিক কেন্দ্ৰ (Shaolin Kung fu Cultural Centre), উং লুং গিৰিখাত (Wong Lung Ravine) আদিবোৰ এই দ্বীপৰ আন কেইটামান আকৰ্ষনৰ ভিতৰত পৰে।
       সম্পূৰ্ণ হংকং দেশখনৰ এক নৈসৰ্গিক দৃশ্য দেখিবলৈ পোৱা ভিক্টোৰিয়া চুড়া (Victoria peak) হংকঙৰ উচ্চতম পৰ্বত। পিছে ভিক্টোৰিয়া চূড়াৰ সলনি সকলোৱে ইয়াক “সেই চূড়াটো” (the peak) বুলিহে কয়। উনৈশ শতিকাত ই বয়বস্তু কঢ়িওৱা জাহাজক সংকেত দেখুওৱাৰ বাবে ব্যৱহাৰ হৈছিল। হংকঙৰ আন অঞ্চলৰ উষ্ম জলবায়ুৰ তুলনাত এই অঞ্চলৰ জলবায়ু নাতিশীতোষ্ণ হোৱা বাবে বহুতে ইয়াক গ্ৰীষ্মকালৰ আবাসস্থলী হিচাপে ব্যৱহাৰ কৰিছিল। আনহে নালাগে, ইংৰাজৰ শাষনকালত হংকঙৰ ষষ্ঠ শাষক ৰিচাৰ্ড মেকডোনেলৰ ইয়াত এটা গ্ৰীষ্ম আবাস (Summer residence) ও আছিল। অঞ্চলটোৰ বিভিন্ন অঞ্চল চাবৰ সুবিধাৰ্থে ট্ৰাম গাড়ীৰো ব্যৱস্থা আছে।
       এটা কথা স্বীকাৰ্য্য যে চীন আৰু ভাৰতৰ সভ্যতাৰ মিশ্ৰণ দেখিবলৈ পোৱা দেশখনে চীনৰ অধীনত থাকিও এক নিজস্ব স্বকীয়তা বৰ্তাই ৰাখি আৰ্থিকভাৱে যথেষ্ট আগবাঢ়ি নিজকে বিশ্বৰ এক ব্যবসায়িক তথা উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। এই আটাইবোৰৰ মাজত হেৰাই থাকিলোঁ কিছুদিন – আগলৈও হেৰাই থাকিম, হেৰোৱাৰ মজা আছে।
 

Saturday 9 December 2017

অসমপ্ৰেমী কোৰিয়ান মহিলাগৰাকী


অসমপ্ৰেমী কোৰিয়ান মহিলাগৰাকী


সাত সাগৰ তেৰ নদীৰ সিপাৰৰ দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা। অসমৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই তেখেতৰ। কিন্তু কেবাবছৰ ধৰি অসমৰ সংস্কৃতি, চাহ, সত্ৰ আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা তথা অধ্যয়ন কৰি আহিছে তেখেতে। একাধিকবাৰ অসমলৈ আহি বিভিন্ন তথ্যৰ সংগ্ৰহ কৰিছে। আনহে নালাগে, এই পৰ্য্যন্ত এই বিষয়বোৰৰ ওপৰত কোৰিয়ান ভাষাত চাৰিখন কিতাপ লিখি প্ৰকাশো কৰি উলিয়াইছে তেখেতে।

       তেখেতৰ সৈতে হোৱা প্ৰথম চিনাকি পৰ্বটো প্ৰায় ছয় বছৰমান আগৰ। গুগুলত কিবা এটা বিচাৰি থাকোঁতে মাজুলীৰ লগত জড়িত লিংক এটা পালোঁ। খুলি চাই দেখিলোঁ মাজুলী তথা অসমৰ চাহ বাগিছাৰ বিভিন্ন ফটো কিন্তু বৰ্ণনাখিনি কোৰিয়ান ভাষাত তেতিয়া কোৰিয়ান ভাষা দুই এটা পঢ়িব পাৰিলেও ভালদৰে বুজি নোপোৱা বাবে বৰ্ণনাখিনি ভালদৰে বুজিব পৰা নাছিলোঁ। দেখি কিন্তু খুবেই ভাল লাগিল; আচৰিতো লাগিল। অসমৰ বিষয়ে ইমান বিতংকৈ জনা কোৰিয়ান কোন হ’ব পাৰে? বোধহয় কোনোবা সাংবাদিক। সেই ৱেবচাইটটো আচলতে আছিল য়ংজা কিম (Youngja Kim) নামৰ লেখিকা গৰাকীৰ ব্লগ। ব্লগটোতেই তেওঁৰ বিষয়ে কিছু তথ্য পাই ই-মেইল এখন কৰিলোঁ। সময়মতে উত্তৰো পালোঁ। অৱশ্যে তেখেতৰ উত্তৰৰ বেছিখিনি কোৰিয়ানত থকা বাবে ভালদৰে বুজিব পৰা নাছিলোঁ। সি যি কি নহওক, সেয়াই আছিল আৰম্ভনি। ক্ৰমাৎ তেখেতৰ সৈতে সম্পৰ্ক গাঢ় হৈ এতিয়া তেখেত হৈ পৰিলগৈ “কিম জেঠাই”। এতিয়াও তেখেতক তেনেদৰেই সম্বোধন কৰোঁ। সময়ে সময়ে বিভিন্ন তথ্যৰ বাবেও হওক বা বন্ধুত্বসুলভ স্বভাৱৰ বাবেই হওক, মাজে মাজে লগ ধৰা হয় তেখেতক।  তেখেতৰ ঘৰ চিউল (Seoul) তে হোৱা বাবে লগ কৰিবলৈও সুবিধা হয়। বিভিন্ন কথা প্ৰসংগত তেখেতৰ মুখত অসমৰ চাহপাত, চাহ জনগোষ্ঠীৰ জীৱন ধাৰণৰ পদ্ধতি, সত্ৰসমূহৰ বিষয়ে বিভিন্ন কথা, কেৱলীয়া ভকত, আহোম ৰাজবংশ আদিৰ দৰে বিভিন্ন কথাবোৰ লানি নিচিগাকৈ শুনিবলৈ পাই আচৰিত লাগে।

এনেদৰে বিভিন্ন সময়ত লগ পাওঁতে, কেতিয়াবা একেলগে বহি দুপৰীয়া এসাজ খোৱাৰ পৰত, কেতিয়াবা ফোনত কোৱা কথাবোৰৰ মাজৰ কিছুমানকে সাঙুৰ খুৱাই তেখেতৰ বিষয়ে এটি থুলমূল ধাৰণা দিয়াৰ প্ৰয়াস কৰা হৈছে।

১) প্ৰথম অসমৰ কথা কেনেকৈ জানিলে?

    তেখেত প্ৰথম ভাৰত ভ্ৰমণলৈ গৈছিল ১৯৯৮ চনত – প্ৰধানকৈ যোৱা ঠাইসমূহ আছিল দিল্লী, আগ্ৰা, জয়পুৰ, বাৰাণসী ইত্যাদি। তেতিয়ালৈকে তেখেতে অসমৰ নামো শুনা নাছিল। আনকি বিদেশী পৰ্য্যটকৰ বাবে তৈয়াৰ কৰি উলিওৱা তেতিয়াৰ বিভিন্ন গাইডবুক বিলাকতো হেনো উত্তৰ পূৰ্বাঞ্চলক এটি দুৰ্গম, আওহতীয়া ঠাইত অৱস্থিত অঞ্চল বুলি বৰ্ণনা কৰাৰ উপৰিও উগ্ৰপন্থী তথা আন সমস্যাৰ বাবে পৰাপক্ষত ইয়ালৈ যাবলৈ বাৰণ কৰা আছিল। ইন্টাৰনেটৰ প্ৰসাৰ নথকা বাবে কথাবোৰ বিতংকৈ জনাৰ আন উৎসও তেনেকৈ নাছিল। কেৱল কাজিৰঙা অভয়াৰণ্য দৰ্শনৰ বাবেহে কিছু পৰ্য্যটক আহিছিল। কথাখিনি জানি চকু কঁপালত উঠিল। যি কি নহওক, তেখেত দিল্লীত থকা কালচোৱাত শিৱসাগৰৰ পৰা মধুচন্দ্ৰিকা যাপনৰ বাবে যোৱা এক নববিবাহিত অসমীয়া দম্পত্তীৰ সৈতে তেখেতৰ সাক্ষাৎ হয় আৰু তেওঁলোকৰ মুখৰ পৰা প্ৰথম অসমৰ বিষয়ে জানিব পাৰে। ইতিমধ্যে তেওঁলোকৰ মাজত নাম-ঠিকনাৰ আদান প্ৰদান হয় আৰু ঘূৰি অহাৰ পিছতো চিঠিৰে যোগাযোগ থাকেবছৰেকত হেনো এবাৰকৈ দুয়োপক্ষৰ মাজত চিঠি দিয়া-দি হৈছিল। ইতিমধ্যে ইন্টাৰনেটৰ প্ৰসাৰৰ পিছত ই-মেইলেৰে যোগাযোগ ৰখাটো সম্ভৱপৰ হৈ পৰিল।

২) প্ৰথম অসম ভ্ৰমণ, তাৰ পিছৰ অনুভৱ আৰু প্ৰথমখন কিতাপ প্ৰকাশ:

সুদীৰ্ঘ দহ বছৰৰ পিছত ২০০৮ চনৰ মাৰ্চ মাহত তেওঁ অসম ভ্ৰমণলৈ আহি সোণোৱাল উপাধিৰ শিৱসাগৰৰ সেই বিশেষ পৰিয়ালটোৰ তাতেই কিছুদিন আছিল। উজনি অসমত ৰাস্তাৰ দুকাষে চকুৰে নমনালৈকে চাহবাগিছা দেখি অভিভূত হৈ পৰিছিল তেওঁ। ইমানেই আকৰ্ষিত হৈছিল যে প্ৰায় এমাহ তেওঁ চাহ বাগিছাৰ বনুৱাসকলৰ লগত, তেওঁলোকৰ ঘৰত সম্পূৰ্ণভাৱে তেওঁলোকৰ জীৱন শৈলী অনুকৰণ কৰি আছিল। পুৱা উঠি কিবা অলপ খাই বনুৱাসকলে পাত তুলিবলৈ যাওঁতে তেওঁও একেলগে যায়, জমা হোৱা পাতবোৰ কাৰখানাত দি তাত কেনেদৰে পিছৰ কামখিনি হয়গৈ তাৰো কিছু কাম পৰ্য্যবেক্ষন কৰে – এক কথাত এজন বনুৱাৰ ৰূপত তেখেতে তাত এমাহ কটাইছিল। তেখেতৰ মতে মানুহখিনি দুখীয়া হ’লেও খুব সৰল মনৰ (Poor but pure minded)

প্ৰথম কিতাপখনৰ বেটুপাত
       এনেতে এমাহ পিছতে ৰঙালী বিহু পালেহি। গছত নতুন কুঁহিপাত, কুলিৰ কাকলি, ৰংঘৰ বাকৰিত হোৱা বিহুৰ লগতে ঘৰে ঘৰে মৰা হুচৰি ! এক সম্পূৰ্ণ নতুন তথা ভাললগা পৰিবেশৰ মাজত সোমাই পৰিছিল তেখেত। বিহুগীতৰ তাল (Rhythm)ৰ লগত কোৰিয়াৰ লোকসংগীত আৰিৰাং (Arirang) ৰ কিছু মিল থকা যেন অনুভৱ কৰিছিল তেখেতে। স্থানীয় খাদ্যৰ (বিশেষকৈ জনগোষ্ঠীয় খাদ্যসমূহৰ) কোৰিয়াৰ খাদ্যৰ লগতো কিছু মিল প্ৰত্যক্ষ কৰিছিল তেওঁ।

প্ৰায় দুমাহ অসমত কটাই কোৰিয়া ঘূৰি অহাৰ সময়লৈকে অসমৰ ওপৰত কিতাপ লিখাৰ কোনো পৰিকল্পনা নাছিল তেওঁৰ। কিন্তু ক্ৰমাৎ মনৰ ভিৰতত উকমুকাই থকা কথাবিলাক মানুহক জনোৱাৰ এক প্ৰৱল ইচ্ছাৰ বাবেই তেওঁৰ অসম ভ্ৰমণৰ অভিজ্ঞতাবোৰ বিশেষকৈ চাহবাগানত কটোৱা দিনবোৰ তথা অসমৰ চাহৰ বিষয়ে বিতংকৈ লিখি এখন কিতাপ প্ৰকাশ কৰি উলিয়ায় – নাম “আচ্চাম চ্চা চ্চা চ্চা”। কোৰিয়ান ভাষাত “চ্চা” মানে চাহ। মূল শব্দটো চীনা ভাষাৰপৰা অহা। অৱশ্যে তেতিয়া কোৰিয়াত অসমৰ বিষয়ে জনা মানুহ আছিল তেনেই তাকৰ। গতিকে কিতাপখনৰ বিক্ৰীও আশা কৰামতে নহ’ল। কিন্তু ক্ৰমাৎ মানুহে তেওঁৰ কিতাপসমূহ আদৰি ল’বলৈ ল’লে আৰু আৰু এতিয়া তেখেত চাহপাতৰ ওপৰত হোৱা বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ, চেমিনাৰ আদিলৈ আমন্ত্ৰিত হয় আৰু তাত অসমৰ চাহৰ ওপৰত বিভিন্ন কথা বিশদভাৱে বৰ্ণনা কৰে।

৩) কিতাপ কেইখনৰ বিষয়ে থুলমূলকৈ:

       অসমৰ বিষয়ে আৰু অধিক জনাৰ আগ্ৰহে বাৰে বাৰে তেওঁক অসমলৈ
     টানি আনিলে।
 প্ৰতিবাৰ অসম ভ্ৰমণতেই তেওঁ প্ৰায় তিনিমাহ সময় অসমত কটায় আৰু একোটা
     নতুন বিষয়ৰ ওপৰত এখনকৈ নতুন কিতাপ প্ৰকাশ কৰি উলিয়ায়। থুলমূলকৈ
     ক’বলৈ গ’লে কিতাপকেইখনৰ মূল কথাখিনি এনে ধৰণৰ:
i)    আচ্চাম চ্চা চ্চা চ্চা:
মূলতঃ চাহবাগিছাৰ লোকসকলৰ জীৱনশৈলীৰ ওপৰত কিতাপখন ৰচিত। চাহবাগিছাৰ
         সৌন্দৰ্য্যই তেখেতক বাৰুকৈয়ে আকৃষ্ট কৰিছিল আৰু এই সৌন্দৰ্য্যক তেওঁ এখন
         সেউজীয়া দলিচাৰ লগত ৰিজাইছে। কিতাপখনৰ প্ৰথমটো অধ্যায়ৰ নামেই হ’ল “ভগৱানৰ
         দলিচাসদৃশ সৃষ্টি – চাহবাগিছাসমূহ”

    

ii)    ইন্দো আচ্চামএ চ্চোৱেসাগো মাজুলীএ প্পাজিধা (ভাৰতবৰ্ষৰ অসমৰ মাজুলীলৈ শৰতৰ
            আগমন)
দ্বিতীয় কিতাপখন

          অসমৰ বিষয়ে লিখা এই দ্বিতীয় কিতাপখনৰ মাজুলীৰ বিভিন্ন তথ্য সন্নিবিষ্ট হৈছে। প্ৰথম অধ্যাটোত কেৱলীয়া ভকতৰ ওপৰত বিশদ বৰ্ণনা কৰা আছে। অধ্যায়টোৰ নাম ৰখা হৈছে “সৰগৰ পৰা নামি অহা সুঠাম যুৱকজন – কেৱলীয়া ভকত”। দ্বিতীয় অধ্যায়ত মাজুলীৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰ আৰু সত্ৰসমূহৰ বৰ্ণনা আছে। ইয়াৰ পিছত ক্ৰমে আপঙৰ প্ৰস্তুত প্ৰণালী, ৰঙালী বিহু আৰু মেখেলা চাদৰৰ ওপৰত বিশদভাৱে বৰ্ণনা কৰা আছেএই তথ্যবোৰ বিতংভাৱে জানিবলৈ বহু স্থানীয় লোকৰ ঘৰত থাকি কথাবিলাকৰ পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলগীয়া হৈছিল। উল্লেখ্য যে কোৰিয়াৰ এবিধ স্থানীয় সুৰা “মাক্কলি” আৰু আপঙৰ সোৱাদ প্ৰায় একেই।
 






iii)          তৃতীয় কিতাপখনৰ নামটো এটা কোৰিয়ান খণ্ডবাক্যৰ পৰা লোৱা হোৱা বাবে ইয়াৰ হুবহু অসমীয়া বা ইংৰাজী অনুবাদ কৰাটো কঠিন। ইয়াৰ থূলমূল অৰ্থটো এনে ধৰণৰ “কোনো এবিধ খাদ্যৰ সোৱাদ ইমানেই বেছি যে মুখৰ সোৱাদখিনিও যেন লৈ যাবৰ মন”। কিতাপখনত অসম আৰু আন ঠাইৰ চাহৰ তুলনা কৰা হৈছে। কিতাপখনৰ বাবে তথ্য সংগ্ৰহৰ বাবে তেখেতে মাৰ্ঘেৰিটাৰ প্ৰায় দহখন মান চাহ বাগিছালৈ গৈছিল। আনকি টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰাও বহু তথ্য সংগ্ৰহ কৰিছিল।

iv)           সোংচ্চা ৰোড (The Tea Road): এই কিতাপখনত অসম চাহৰ ইতিহাসৰ বিষয়ে বৰ্ণনা কৰা আছে। মনিৰাম দেৱান, ৰবাৰ্ট ব্ৰুছৰ পৰা কেনেদৰে আৰম্ভ হৈ এতিয়া কি পৰ্য্যায় পাইছে তাৰ বিশদ বৰ্ণনা আছে ইয়াত। তাৰোপৰি CTC চাহ, স্বাস্থ্যত চাহৰ প্ৰভাৱ আদিবোৰৰো বিৱৰণ দিয়া আছে।

অসমলৈ আহি হোৱা কেইটামান তিতা-মিঠা অভিজ্ঞতা:

         এবাৰ মাজুলীলৈ গৈ বানপানীৰ কবলত পৰিবলগীয়া হৈছিল তেওঁ। ঘৰৰ বাহিৰৰ কথাতো বাদেই, ভিতৰতো একাঠু পানী। কোনোদিনেই বানপানী দেখিও নোপোৱা কাৰোবাৰ কাৰণে এনেকুৱা এটা অভিজ্ঞতা কেনে কষ্টকৰ হ’ব পাৰে সহজেই অনুমেয়। অৱশ্যে এনে অৱস্থাতো তেখেত থকা সত্ৰৰ গেষ্ট হাউচটোলৈ কেৱলীয়া ভকতৰ কেইজনমানে দৰকাৰী বস্তুবোৰৰ সময়মতে যোগান ধৰি আছিল আৰু এই কথাটো তেখেতে এতিয়াও কৃতজ্ঞতাৰে সোঁৱৰে।

                  অসমৰ বিভিন্ন পৰিস্থিতিবোৰ ভালদৰে বুজিবৰ বাবে কোনো ঠাইলৈ যাবলৈ যিমানদূৰ সম্ভৱ ভাড়া গাড়ী, বাতানুকুল বাচ আদিৰ সলনি সাধাৰণ মানুহে ব্যৱহাৰ কৰা বাচ, ট্ৰেকাৰ আদিবোৰহে ব্যৱহাৰ কৰে তেওঁএবাৰ এনেদৰে গৈ ৰাতিটো এঠাইত কটাই পিছদিনা আন এঠাইলৈ বুলি যাবলৈ ওলাই দেখে দোকান-পোহাৰ, গাড়ী-মটৰ সকলো বন্ধ ! কোনোবা সংগঠনে হেনো সেইদিনা “অসম বন্ধ” দিছিল। বহুপৰ তেখেতে বুজিবই পৰা নাছিল আচলতে কিনো হৈছে। বন্ধৰ প্ৰভাৱ ইমানেই বেছি আছিল যে আনকি চাহ একাপ খাবলৈও দোকান এখন নাই। ভাষাৰ অসুবিধাৰ বাবে মানুহক তেওঁৰ অসুবিধাখিনি ভালদৰে বুজাবও পৰা নাছিল তেওঁ। অৱশেষত অংগী ভংগীৰে বুজোৱা কথাখিনি এঘৰ মানুহে বুজিলে, তেখেতক ঘৰলৈ নি শাকে-পাতে হ’লেও এসাজ খোৱাৰ ব্যৱস্থা কৰি দি সন্ধিয়া বন্ধ শেষ হ’লত ক’ৰপৰা কেনেকৈ যাব লাগিব, ভালদৰে দেখুৱাই থৈ আহিলগৈ

               আন এবাৰ চাহ বাগিছাৰ মাজত ঘূৰি-ফুৰোঁতে হঠাতে সাপে খুটিলে তেখেতক। স্থানীয় মানুহখিনিয়ে বিভিন্ন প্ৰকাৰে তেখেতক সা-শুশ্ৰুষা কৰি সুস্থ কৰি তুলিছিল।

জেতুকা গছৰ পাত বতি হাতত লগোৱাটো, গাই খীৰোৱা, পথাৰত গৰু-ছাগলী চৰি থকা, মানুহে তেখেতক মাতি নি আপ্যায়িত কৰা আদিবোৰ আমাৰ বাবে সাধাৰণ যেন লাগিলেও তেওঁৰ মতে এইবোৰো একো একোটা মনত থাকিবলগীয়া অভিজ্ঞতা। এনে ধৰণৰ অনেক তিতা-মিঠা অভিজ্ঞতাৰে পুষ্ট তেখেতৰ কাহিনীবোৰ।

              এদিন কথাৰ মাজত তেখেতে ক’লে – “আচলতে অসমৰ বিষয়ে আমি নাজানো বুলি ভাবিছিলোঁ যদিও প্ৰাথমিক স্কুলত থাকোঁতে পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই আচ্চাম (সাতভনী লগ হৈ হোৱা তেতিয়াৰ অসমখন) বুলি পঢ়া মনত পৰে।” কিন্তু সেই “আচ্চাম” এই যে তেওঁ প্ৰায়ে গৈ থকা অসমখন, সেই কথাটো তেওঁৰ বহুবছৰ পিছতহে হেনো মনলৈ আহিছিল। যিয়েই নহওক, তেখেতেই চাগে অসমৰ বিষয়ে ইমান বিতং তথ্যাদি সন্নিবিষ্ট কৰি কোৰিয়ান ভাষাত কিতাপ লিখা প্ৰথম লেখিকা। তেখেতৰ ভাষাতেই “I love and respect Assam” অসমীয়া ভালদৰে ক’ব নোৱাৰিলেও “কি খবৰ?” “লগ পাই ভাল লাগিল”, “আকৌ লগ পাম” আদিৰ দৰে সৰু সৰু দুই এটা বাক্য তেখেতৰ মুখত শুনিবলৈ পাওঁ। অসমৰ বিষয়ে আৰু বিতংকৈ জনাৰ আগ্ৰহ দেখিলে আচৰিত লাগে। চাহবাগিছাৰ বনুৱাসকলৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে বছৰি কিছু আৰ্থিক সাহাৰ্য্য দিয়াৰো পৰিকল্পনা আছে তেওঁৰ। কেইবাবাৰো লগ পোৱাৰ অভিজ্ঞতাৰে এটা কথা নিশ্চয়কৈ ক’ব পাৰোঁ যে মানুহগৰাকী তেনেই সৰলমনা আৰু মৰমীয়াল। আনকি কেতিয়াবা নিজহাতে এসাজ ৰান্ধিও খুউৱায়। তেখেতে এইদৰেই কাম কৰি যাওক আৰু হৈ ৰওক মৰমৰ কোৰিয়ান “জেঠাই”জনী !