Friday 19 December 2014

থাইলেণ্ডৰ দিহিঙে দিপাঙে



থাইলেণ্ডৰ দিহিঙে দিপাঙে

২০১৪ চনৰ জুন-জুলাই মাহ। “জেঠমহীয়া ৰ’দৰ তাপত শৰীৰ বিয়াকুল” হোৱা বতৰ। “আহাৰ মাহত বাৰীত পকা আম-কঠাল-জাম” এটিও পাবলৈ নাই। তাকে বিচাৰি গৰমৰ বন্ধৰ দিন কেইটামান কটাবলৈ ৰাওনা হলোঁ থাইলেণ্ডলৈ। দক্ষিণ কোৰিয়াৰ পৰা থাইলেণ্ডলৈ কেইযোজন মানৰহে বাট যদিও পোনে পোনে যাবলৈ (direct flight) অলপ বেছি খৰছী হোৱা বাবে মাজতে চীনৰ বেইজিঙত এবাৰ ভাঙি যোৱাৰ সিদ্ধান্ত ললোঁ।
দক্ষিণ-পূব এচিয়াৰ ভাৰত-চীন উপদ্বীপ (Indo China pennisula) ৰ কেন্দ্ৰভাগত অৱস্থিত এখন দেশ হ’ল থাইলেণ্ড। থাই ভাষাত ইয়াক ৰাটচা আনাচাক থাই (Ratcha Anachak Thai) অৰ্থাৎ থাইলেণ্ড ৰাজতন্ত্ৰ (Kingdom of Thailand) বুলি কোৱা হয়। পূৰ্বতে থাইলেণ্ডৰ নাম আছিল চিয়াম (Siam)থাইলেণ্ড পৃথিৱীৰ এনে এখন দেশ য’ত এতিয়াও ৰাজতন্ত্ৰ প্ৰচলিত। অৱশ্যে ২০১৪ চনৰ সেণা অভ্যুথ্থানৰ পিছত বৰ্তমানৰ ৰজাজন নামতহে থকা বুলি ক’ব পাৰি। থাইলেণ্ডৰ ঋতু তিনিটা – গ্ৰীষ্ম (মাৰ্চৰ পৰা জুনলৈ), বৰ্ষা (জুলাইৰ পৰা অক্টোবৰলৈ) আৰু শীত (নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ)। পিছে ইয়াত বৰ্ষাকালতো নেৰানেপেৰা বৰষুণ খুব কমেইহে হয়।
হোটেল গৈ পাওঁতে ৰাতি ১ মানেই বাজিল। আগতেই ঠিক কৰি থোৱামতে পিছদিনাখন ৰাতিপুৱা ৬:৩০ বজাৰপৰাই বেংকক চহৰখন চাবলৈ বুলি ওলালোঁ।
১) বেংককৰ ওপঙা বজাৰ (Bangkok floating market): ডামনয়েন চাডুক (Damnoen Saduak) জিলাত অৱস্থিত ওপঙা বজাৰখন থাইলেণ্ডৰ এটা প্ৰধান দৰ্শনীয় স্থান। ইয়াত দুয়োকাষে পানীৰ ওপৰতে সজা কিছুমান ঘৰত থকা দোকানৰ উপৰিও  নাৱেৰে পোহাৰীসকলে বিভিন্ন বস্তু বেচিবলৈ আনে। ইয়াৰ ভিতৰত ফল-মূল, কাপোৰ, কাঠ-বাঁহত কটা সৰু-সৰু মূৰ্তি, মচলা আদিয়েই প্ৰধান। অতীজত হেনো থাইলেণ্ডৰ কোনো কোনো ঠাইত এনেদৰে বস্তুৰ বেচা কিনা হৈছিল। অৱশ্যে বৰ্তমান এই বজাৰখনৰ প্ৰধান লক্ষ্য পৰ্য্যটকসকলহে। এটা নিদ্দিষ্ট ঠাইৰ পৰা ছয়-সাতজনীয়া গোটক একো একোখন সৰু নাৱেৰে বজাৰখনৰ ইটো মূৰৰপৰা সিটো মূৰলৈ লৈ যোৱা হয়। পোহাৰীসকল ৰাতিপুৱা আহি আবেলি উভতি যায়গৈগৈ থকাৰ বাটত পানীৰ ওপৰতে সৰু সৰু ঘৰ সাজি মানুহৰ বসতি হোৱা দেখি আচৰিত মানিছিলোঁ কাৰণ মূল ভূমিখণ্ডৰ পৰা এই অঞ্চল কিছু দূৰৈত অৱস্থিত। গতিকে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ বাবেও হয়তো তেওঁলোকে নাৱেৰে যাত্ৰা কৰি যাবলগীয়া হয়।
       এই অঞ্চলৰ আন এক আকৰ্ষণ হ’ল বিভিন্ন সাপ, জহামাল আদি চুবলৈ পোৱাটো। মূহুৰ্ততে এটা হৰিণ পোৱালি পৰ্য্যন্ত মেৰিয়াই লৈ গিলি পেলাব পৰাৰ জোখেৰে প্ৰকাণ্ড দীঘল অজগৰ সাপ এটা ডিঙিত মেৰিয়াই ল’ব পৰা বা অকমানি মৰমলগা লাজুকী বান্দৰৰ পোৱালীৰ সৈতে খেলিব পৰাটো নিশ্চয়কৈ এটা আকৰ্ষণ। 
২) চাং পুৱাক কেম্প (Chang Puak Camp): ডামনয়েন চাডুকতেই অৱস্থিত এই অঞ্চলটো প্ৰধানকৈ বিখ্যাত ঘৰিয়ালৰ সৈতে বিভিন্ন বিপদজনক খেল, হাতীৰ পিঠিত উঠা, আন জীৱ-জন্তু যেনে অকমানি বান্দৰ পোৱালি বা হাতীৰ পোৱালিৰ সৈতে খেলিব পৰা আদিবোৰৰ বাবেএই জীৱ জন্তুবোৰক বিশেষভাৱে শিকাই থোৱা থাকে বাবে সিহঁতে পৰ্য্যটকক আক্ৰমন কৰাৰ কোনো উদাহৰণ নাই।
৩) টাইগাৰ টেম্পল (Tiger temple) : কাঞ্চনাবুৰী (Kanchanaburi) অঞ্চলৰ চায়োক (Saiyok) জিলাত অৱস্থিত এই বৌদ্ধ মন্দিৰটো বেংককৰ আন এক আকৰ্ষণ। মন্দিৰটো বিভিন্ন জীৱ-জন্তুৰ বসতিস্থললৈ পৰিবৰ্তিত কৰাৰ কাম ১৯৯৪ চনৰ পৰা আৰম্ভ হয়। ইয়ালৈ প্ৰথমটো বাঘ পোৱালি অনা হৈছিল ১৯৯৯ চনত। অৱশ্যে অনাৰ কিছুদিন পিছতেই ইয়াৰ মৃত্যু ঘটিছিল। পিছলৈ ইয়ালৈ কেইবাটাও বাঘ অনা হয় আৰু বৰ্তমান ইয়াত থকা মুঠ বাঘৰ সংখ্যা এশৰো অধিক। বাঘৰ উপৰিও ইয়াত হৰিণ, বনৰীয়া ম’হ, উট, বনৰীয়া গাহৰি, ময়ুৰ চৰাই, গৰু, গিবন আদিৰ দৰে অনেক জীৱ-জন্তু আছে। বাঘত বাদে আন সকলো জন্তু মুকলিকৈ এৰি থোৱা দেখি আচৰিত হৈছিলোঁ কাৰণ বনৰীয়া গাহৰি, বনৰীয়া ম’হ আদিবোৰে মানুহক আক্ৰমণ কৰাৰ অনেক উদাহৰণ আছে। তাতোকৈ আচৰিত লাগিছিল এই জন্তুবোৰৰ সকলোৱে একেলগে চৰি ফুৰা দেখি।
       বাঘবোৰক শিকলি লগাই বান্ধি থোৱা থাকে আৰু দৰ্শনাৰ্থীসকলে বাঘবোৰৰ একেবাৰে ওচৰলৈ গৈ, হাতেৰে চুই আনকি বাঘৰ মূৰটো কোলাত লৈও ফটো উঠিব পাৰে। অৱশ্যে ইয়ালৈ ৰঙা, কমলা আৰু গুলপীয়া ৰঙৰ কাপোৰ, চশমা, টুপী আদি পিন্ধি সোমোৱা নিষেধ। টাইগাৰ টেম্পলৰ কৰ্মচাৰীসকলৰ মতে ৰাতিপুৱা বাঘবোৰক পেট ভৰাকৈ খুওৱা হয় বাবে তাৰপিছতেই আন মাংসভোজী জন্তুৰ দৰেই বাঘবোৰো টোপনিত লালকাল হয় গতিকে সেইখিনি সময়ত সিহঁতে আনক অনিষ্ট কৰাৰ বা আক্ৰমণ কৰাৰ সম্ভাৱনা তেনেই কম। সন্ধিয়াৰ ঠিক আগে আগে বৌদ্ধ ভিক্ষুক এজনে প্ৰাপ্তবয়স্ক বাঘ এটা ফুৰাবলৈ লৈ আনে আৰু এডাল বিশেষ গছৰ তলত বহি তাক ফিডিং বটলেৰে গাখীৰ খুৱায়। মাজতে ভিক্ষুকজনে বাঘটোক মৰমেৰে সাৱটি ধৰে। বাঘটোৱেও অকমানি কেচুৱাটোৰ নিচিনাকৈ কোঁট-কোঁটকৈ আটাইখিনি গাখীৰ খাই উঠাৰ পিছত তাক নিজৰ সঁজালৈ লৈ যোৱা হয়। উল্লেখ্য যে বাঘটোক ভয় খুৱাবলৈ কাষত কাকোৱেই লাঠি, চাবুক আদি লৈ থকা নেদেখিলোঁ। মৰমেৰে কেনেকৈ বনৰীয়া হিংস্ৰ জন্তুকো বশ কৰিব পাৰি, তাৰ ই এক উৎকৃষ্ট উদাহৰণ। অৱশ্যে পৰ্য্যটকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক বাঘটোৰ মূৰৰপিনে চুবলৈ দিয়া নহয়।
৪) ৰিভাৰ কোৱাই (River Kwai): ম্যানমাৰৰ সীমাত অৱস্থিত এইখন ৰেল অহা-যোৱা কৰিব পৰা এখন দলং। দলংখনৰ বিশেষত্ব এয়াই যে এইখন জাপানে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থাইলেণ্ডৰ বান পোং (Ban pong)ৰ পৰা বাৰ্মাৰ থানব্যুজায়াত (Thanbyuzayat) লৈ যাব পৰাকৈ তৈয়াৰ কৰোৱাইছিলউদ্দেশ্য আছিল ভাৰতলৈ বিভিন্ন সা-সামগ্ৰী অনা নিয়া কৰাটো। তৈয়াৰ কৰোৱা হৈছিল যুদ্ধত বন্দী হোৱা বিভিন্ন লগুৱাসকল দ্বাৰাতেওঁলোকৰ দ্বাৰা ইমানেই জোৰ-জবৰদস্তি কাম আদায় কৰোৱা হৈছিল যে কেইবা হাজাৰো লোকে তাতেই প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিল। ৰিভাৰ কোৱাইৰ কাষতে অৱস্থিত এখন কবৰস্থানত এনেদৰে প্ৰাণ ত্যাগ কৰা প্ৰায় সাত হাজাৰ লোকক কবৰ দিয়া হৈছিল। ১৯৪২ চনৰ অক্টোবৰ মাহত কাম আৰম্ভ কৰি দলংখনৰ কাম সম্পূৰ্ণ কৰি তোলা হৈছিল মাত্ৰ এবছৰৰ ভিতৰতে। ১৯৪৪ চনত এলাইড ফ’ৰ্চে (Allied force) কৰা বোমাবৰ্ষণত ইয়াৰ দুটা অংশ সম্পূৰ্ণভাৱে বিধ্বস্ত হয়। বৰ্তমানৰ দলংখন বিধ্বস্ত হোৱা দলংখনৰ পুনৰ্নিৰ্মাণ কৰা অংশহে। দলংখনৰ বিধ্বস্ত হোৱা কিছু অংশ বৰ্তমানো তাৰ “ৱাৰ মিউজিয়াম”ত সংৰক্ষণ কৰি ৰখা হৈছে।
বেংককত চাবলগীয়া আৰু বহুতেই আছিল যদিও সময়ৰ নাটনিৰ বাবে বহুতো ঠাই এৰিবলগীয়া হ’ল। পিছদিনাখন ওচৰৰে দুটামান বৌদ্ধ মন্দিৰ, চিড়িয়াখানা আদি চাই সন্ধিয়া ৭:৩০ বজামানত বেংককৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ উত্তৰে অৱস্থিত চিয়াং মাই (Chiang Mai) চহৰলৈ বুলি ওলালোঁ।
১২৯৬ চনৰপৰা ১৭৬৮ চনলৈকে এই চহৰখন লানা (Lanna) ৰাজ্যৰ ৰাজধানী আছিল। পিং নৈ (Ping river)ৰ পাৰত অৱস্থিত চহৰখন থাইলেণ্ডৰ আটাইতকৈ বেছি পাহাৰেৰে আগুৰা চহৰ – চৌদিশে কেৱল সেউজ পাহাৰ ! থাইলেণ্ডৰ আন চহৰবোৰৰ দৰেই ইয়াতো কেইবাটাও বৌদ্ধ মন্দিৰ আছে। তাৰোপৰি দৈ ইনথানোন ৰাষ্ট্ৰীয় উদ্যান (Doi Inthanon National Park), দৈ পুই চুথেপ  ৰাষ্ট্ৰীয় উদ্যান (Doi Pui Suthep National Park), Elephant Nature park, বিভিন্ন জনজাতীয় লোকৰ বাসস্থান আদিবোৰ হ’ল কিছুমান দৰ্শনীয় স্থান।
বাচেৰে বেংককৰ পৰা চিয়াং মাইলৈ যাবলৈ সময় লাগে প্ৰায় ১০-১১ ঘন্টা। ৰাতিপুৱা কুকুৰাই ডাক নৌদিওঁতেই চিয়াং মাই পালোগৈ। তাৰপৰা সৰু ভান এখনেৰে আমাক হোটেললৈ লৈ যোৱা হ’ল। হোটেল যোৱাৰ বাটত বৌদ্ধ ভিক্ষুকসকলে সৰু সৰু গোটত বিভক্ত হৈ হাতে-হাতে ভিক্ষাৰ পাত্ৰ লৈ ঘৰে ঘৰে ভিক্ষা মাগিবলৈ যোৱা দেখিছিলোঁ। প্ৰতিঘৰেই নিজৰ সামৰ্থ অনুসাৰে তেওঁলোকক খাদ্যসামগ্ৰী দান দি আঠু লৈ তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰে। হোটেলৰ দুজনমান কৰ্মচাৰীক সুধি গম পালোঁ যে কাষতে থকা বৌদ্ধ মন্দিৰটোৰ এই ভিক্ষুকসকলে দোকমোকালিতে এনেদৰে দিনটোৰ বাবে আহাৰ সংগ্ৰহ কৰে আৰু দিনটো বৌদ্ধ ধৰ্মৰ বিভিন্ন নীতি-নিয়ম, ধ্যান আদিত ব্যস্ত থাকে। সকলোৱেই তেওঁলোকৰ সাধ্যানুসাৰে তেওঁলোকক দান-দক্ষিণা দিয়ে আৰু কোনেও তেওঁলোকক দুৰ্ব্যৱহাৰ নকৰে।
হোটেলত কিছুসময় জিৰণি লৈ ৯ বজামানৰ পৰা চহৰখন চাওঁ বুলি ওলালোঁ। প্ৰথমতেই আমাক লৈ যোৱা হ’ল দীঘল ডিঙীয়া জনজাতিৰ গাঁৱখনলৈ।
১) দীঘল ডিঙীয়া জনজাতি (The longneck tribe): এই বিশেষ জনজাতীয় গাঁৱখন হ’ল থাইলেণ্ডৰ এক আকৰ্ষণীয় তথা অন্যতম অদ্বিতীয় স্থান। এই জনজাতিৰ মহিলাসকলে প্ৰায় পাঁচ বছৰ বয়সৰ পৰাই ডিঙিত পিতলেৰে তৈয়াৰী অতি গধুৰ আঙুঠিৰ দৰে এক ধৰণৰ অলংকাৰ পৰিধান কৰে বাবে বয়স বাগৰাৰ লগে লগে ক্ৰমাৎ তেওঁলোকৰ ডিঙিটো প্ৰয়োজনতকৈ দীঘল হৈ পৰে। প্ৰবাদ আছে যে অতীজত সেই গাঁৱখনৰ আশে পাশে বাঘ আৰু আন হিংস্ৰ বন্য জন্তুৰ বসতি থকাৰ বাবে সিহঁতৰ আক্ৰমনৰ পৰা ৰক্ষা পৰিবলৈ মহিলাসকলক ডিঙিত এই বিশেষ কবচসদৃশ আঙঠি পিন্ধিবলৈ দিয়া হৈছিল। ক্ৰমাৎ এইটো এক পৰম্পৰাত পৰিণত হয় আৰু তেতিয়াৰ পৰাই এওঁলোকে এই পৰম্পৰা ৰক্ষা কৰি আহিছে। এই আঙঠিবোৰ ধাতুৰদ্বাৰা তৈয়াৰী বাবে যথেষ্ট গধুৰ হয় আৰু গোটেই জীৱনটো এইবোৰ পৰিধান কৰি থকাটো উজু কথা নহয়। কিন্তু এই মহিলাসকলৰ মতে “It’s OK!”
২) টাইগাৰ কিংডম (Tiger Kingdom): মূল চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰমান দূৰত অৱস্থিত এই ঠাইখিনি বিখ্যাত বাঘৰ একেবাৰে ওচৰলৈ গৈ খেল-ধেমালি কৰিব পৰাৰ বাবে। আগতে উল্লেখ কৰা বেংককৰ “টাইগাৰ টেম্পল”তকৈও এখোপ চৰা এই টাইগাৰ কিংডমইয়াত তিনিমহীয়া বাঘ পোৱালিৰ পৰা একেবাৰে প্ৰাপ্তবয়স্ক বাঘলৈ, সকলো ধৰণৰ বাঘ আছে। টাইগাৰ টেম্পলত বাঘবোৰ শিকলি লগাই বন্ধা থাকে আৰু বেছিভাগ প্ৰাপ্তবয়স্ক বাঘেই টোপনিত থাকে। কিন্তু ইয়াত বাঘবোৰ সম্পূৰ্ণ মুকলি অৱস্থাত ৰখা হয়। যদিও সঁজাত ৰখা হয়, সঁজাবোৰ যথেষ্ট আহল বহল, দেখাত সঁজা যেন নালাগেই। তাৰোপৰি বাঘবোৰক মুকলি আকাশৰ তলত থকাৰ সুবিধা কৰি দিয়া আছে। সঁজাৰ ভিতৰতে গছ-গছনি, ঘাঁহ-বন সকলো আছে। বিভিন্ন সঁজাৰ ভিতৰলৈ সোমাবলৈ বেলেগে বেলেগে টিকট কাটিব লাগে। কোনোবাই সঁজাৰ ভিতৰলৈ যাব নিবিচাৰিলে (বহুতেই নিবিচাৰে) বাহিৰৰ পৰাও চোৱাৰ ব্যৱস্থা আছে। আটাইকেইটা সঁজাৰ বাবেই টিকট ললোঁ। প্ৰথমতেই মোক লৈ যোৱা হ’ল প্ৰাপ্তবয়স্ক বাঘৰ সঁজাটোলৈ। ঠিক সঁজাৰ দুৱাৰখনৰ ওচৰতে তাৰ কৰ্মচাৰী এজনে সুধিলে “Are you ready?অলপ ভয় লাগিছিল যদিও উত্তৰ দিলোঁ, “Yes, I am.তেওঁ পুনৰ সুধিলে, “Are you sure?মই মূৰ দুপিয়ালোঁ। অৱশেষত সঁজাৰ দুৱাৰখন দাঙি ভিতৰলৈ সোমোৱাই লৈ গ’ল মোক। ভিতৰত চাৰিটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ ! তাৰে দুটা টোপনিত লালকাল। আন দুটাৰ এটাই একাষত বহি ভাগৰ জুৰাইছে আৰু আনটোৱে পায়চাৰি কৰি ফুৰিছে। ভিতৰত সোমোৱাৰ লগে লগেই পায়চাৰি কৰি থকা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৱে মোৰ ভৰিতে গাটো ঘঁহনি খুৱাই পাৰ হৈ গ’ল। গাটো জিকাৰ খাই উঠিল। এইবাৰ মোক বহি থকা বাঘটোৰ ওচৰলৈ লৈ যোৱা হ’ল। বাঘটোৰ গাটো পিহি দিয়া, গাৰ ওপৰত বাগৰ দিয়া, নেগুৰডাল দাঙি লোৱা আদি সকলো কৰিলোঁ কিন্তু বাঘটোৱে আক্ৰমন কৰাটো দূৰৰে কথা, একোকেই নকৰিলে ! মোক সঁজাৰ ভিতৰলৈ লৈ যোৱা লোকজনৰ হাততো বাঘটোক ভয় খুৱাব পৰা বিধৰ একো নাছিল। এনেতে মই কাষত থকা অৱস্থাতে হঠাৎ বাঘটোৱে এটা প্ৰকাণ্ড গোজোৰণি মাৰিলে। ইতিমধ্যেই সাজু হৈ থকা বাবে সন্মুখত থকা ফটোগ্ৰাফাৰজনে এটা বিৰল মুহুৰ্ত কেমেৰাত বন্দী কৰিবলৈ সমৰ্থ হ’ল।
       ইয়াৰ পিছত এটাৰ পিছত এটাকৈ ক্ৰমে তিনিমহীয়া পোৱালী, এবছৰীয়া আৰু প্ৰায় ডেৰ বছৰীয়া বাঘৰ সঁজাবিলাকলৈ এটা এটাকৈ লৈ যোৱা হ’লদুটামান বাঘে গাটো অকমান পিহি দিয়াৰ লগে লগে পোহনীয়া কুকুৰটোৰ নিচিনাকৈ হামিয়াই মূৰটো তললৈ পেলাই টোপনি যোৱা দেখি বৰ মৰম লাগিছিল সিহঁতলৈ ! “বাঘৰ নেগুৰেৰে কাণ খজুওৱা” খণ্ডবাক্যটোও চাগে সঁচা প্ৰমাণিত হ’ল ইয়াতেই !
৩) সৰ্প উদ্যান: এই ঠাইটুকুৰা বিভিন্ন বিষাক্ত সাপৰ খেলৰ বাবে বিখ্যাত। তাৰ ভিতৰত চক্ৰ ফেটী, কিং কোব্ৰা আদি প্ৰধান। সাপৰ বিভিন্ন খেল ধেমালিৰ লগতে সাপৰ পৰা বিষ উলিওৱা পদ্ধতিও ইয়াত প্ৰদৰ্শন কৰা হয়।
৪) ঘৰিয়াল উদ্যান: বিভিন্ন স্তন্যপায়ী জীৱ-জন্তু, চৰাই-চিৰিকতি আদিক পোহ মনোৱা বা ভয় খুৱাই সিহঁতৰ দ্বাৰা কিবা এটা কৰোৱাবলৈ সহজ। কিন্তু সৰীসৃপক পোহ মনাব নোৱাৰি। এই ঘৰিয়াল উদ্যানত তেনে এক অসম্ভৱ কামক সম্ভৱ কৰি তোলা হৈছে। ঘৰিয়ালৰ মুখৰ ভিতৰলৈ মূৰ সুমুৱাই দিয়া, ডিঙিৰ ভিতৰলৈ হাত সুমুৱাই দিয়া আৰু ঘৰিয়ালটোৱে মুখ জপাবলৈ লওঁতেই তড়িৎ বেগত কোনো অনিষ্ট নোহোৱাকৈ ওলাই অহা আদিৰ দৰে শিহৰণকাৰী খেল ইয়াত দেখুওৱা হয়।
৫) মে’ৰিম শ্বুটিং ৰেঞ্জ (Maerim Shooting range): এই ঠাইখিনি বিভিন্ন ধৰণৰ বন্দুক-পিষ্টলৰ দ্বাৰা লক্ষ্যভেদৰ বাবে বিখ্যাত লক্ষ্যভেদৰ বাবে ইয়াত পাঁচবিধ বেলেগ বেলেগ ধৰণৰ বন্দুক আৰু পিষ্টল আছে – ০.২২ কেলিবাৰৰ পিষ্টল, ০.৩৮ কেলিবাৰৰ পিষ্টল, ৯ মি মি পিষ্টল, ০.৪৫ কেলিবাৰৰ পিষ্টল আৰু শ্বট গান। গুলীওৱাৰ আগতে ইয়াৰ প্ৰচণ্ড শব্দৰ পৰা বাচিবলৈ কাণত  “ইয়াৰ মাফ” (Ear muff) পিন্ধিবলৈ দিয়া হয় আৰু গুলীওৱাৰ বিষয়ক কিছুমান সৰু সৰু নিৰ্দেশনাও দিয়া হয়।
ৰাতিপুৱাৰ পৰা ঘূৰি ঘূৰি ভাগৰি পৰিছিলোঁ। হোটেল গৈ পায়েই টোপনিৰ কোলাত আশ্ৰয় ললোঁ। পিছদিনাখন ৰাতিপুৱাই পুনৰ আন এক যাত্ৰাৰ বাবে ওলালোঁ।
১) বাঁহৰ ভুৰ আৰু হাতীৰে প্ৰকৃতিৰ মাজত এবেলা:
প্ৰথম আমাক বিশেষ এক ঠাইৰ পৰা বাঁহৰ ভুৰেৰে নদী এখনেৰে কিছুদূৰ লৈ গৈ তাৰ পৰা হাতীৰে (নদীৰ মাজে মাজে) আন এঠাইলৈ নিয়া হ’ল। চৌদিশ নিৰিবিলি। একাষে সেউজ পাহাৰ। মাজতে কেইজনমান মাউতে হাতীক গা ধুৱাইছে। অদূৰত এখন সৰু গাঁৱ। মাজে মাজে ধানখেতি দেখি গাঁৱৰ সেই ধাননিডৰালৈ উৰা মাৰিছিল মনটোহাতীৰে ভালেখিনি দূৰ নি হাবিতলীয়া ঠাই এখনত নমাই তাৰপৰা গৰুগাড়ীৰে পুনৰ আগৰ ঠাইলৈ লৈ অনা হ’ল
২) Elephant Poopoopaper park: এই কাৰখানাটোত হাতী, ঘোঁৰাৰ বিষ্ঠা আৰু গৰুৰ গোবৰৰ পৰা কাগজ তৈয়াৰ কৰা হয়। তৈয়াৰ কৰা পদ্ধতিটো এনে ধৰণৰ – প্ৰথমতে এই জীৱ-জন্তু বিলাকৰ বিষ্ঠা সংগ্ৰহ কৰি সেইবোৰ ভালদৰে শুকুৱাই লোৱা হয়। তাত থকা বীজাণু বা আন শেলুৱৈজাতীয় পদাৰ্থবোৰ মাৰিবলৈ এই শুকান বিষ্ঠাবোৰত কিছু পানী মিহলাই কেইঘন্টামানৰ বাবে উতলোৱা হয়। কাৰখানাটোৰ কৰ্মচাৰীসকলৰ মতে কেৱল বিষ্ঠাৰপৰা কাগজ তৈয়াৰ কৰিব নোৱাৰি। সেইবাবে এই উতলাই লোৱা বিষ্ঠাবোৰ পুৰণি পেলনীয়া কাগজৰ লগত (২০% পেলনীয়া কাগজ + ৮০% বিষ্ঠা) ভালদৰে মিহলাই লোৱা হয় আৰু বিভিন্ন ৰঙৰ কাগজৰ বাবে প্ৰয়োজন অনুসাৰে ৰং মিহলোৱা হয়। মিশ্ৰণটো ভালদৰে শুকুওৱাৰ পিছত পুনৰ পানীত মিহলাই এক নিৰ্দ্দিষ্ট ঘনত্ব পোৱালৈকে ৰাখি তাৰ পিছত কাঠৰ ফ্ৰেমৰ ওপৰত মেলি দি ৰ’দত শুকুওৱা হয়ভালদৰে শুকাই উঠাৰ পিছত এই কাগজবোৰ তাৰপৰা এৰুৱাই আনি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি। লিখা-মেলাৰ বাবে ব্যৱহাৰ কৰিবৰ বাবে উপযুক্ত কাগজ তৈয়াৰ কৰিবলৈ এই শেষৰ প্ৰণালীটো যন্ত্ৰৰ সহায়ত কৰা হয় যাতে অতি মিহি কাগজ তৈয়াৰ হৈ ওলায়। এই কাগজৰ পৰা বিভিন্ন বহী, এলবাম, উপহাৰ দিবলৈ উপযুক্ত ফুল, পুতলা আৰু আন বিভিন্ন চকুত লগা সামগ্ৰী তৈয়াৰ কৰি উলিওৱা হয়।
৩) অৰ্কিড উদ্যান: বিভিন্ন মনোমোহা অৰ্কিডৰ লগতে ৰং-বিৰঙৰ পখিলাৰ বাসস্থান এই উদ্যানখন। আচৰিত যেন লাগিলেও সঁচা যে পূৰ্ণবয়স্ক অৰ্কিড আৰু প্ৰাপ্তবয়স্ক পখিলাক বিভিন্ন পদ্ধতিৰে সংৰক্ষণ কৰি সেইবোৰৰ ওপৰত বিভিন্ন ৰাসায়নিক পদাৰ্থৰ প্ৰলেপ দি এইবোৰক কাণফুলি, ডিঙিৰ হাৰ আৰু আন চকুত লগা আ-অলংকাৰলৈ পৰিবৰ্তিত কৰা হয় ইয়াত

হোটেললৈ ঘূৰি গৈ কিছু সময় জিৰণি লৈ আন এখন চহৰ পাট্টায়া (Pattaya) লৈ বুলি ৰাওনা হ’লোঁ সন্ধিয়া প্ৰায় আঠ বজাত। পিছদিনা ৰাতিপুৱা প্ৰায় আঠ বজামানত পাট্টায়া পালোগৈ। বাছত ভালদৰে শুব নোৱাৰা বাবে ভাগৰ-টোপনিয়ে আগুৰি ধৰিছিল যদিও সকলো কাতি কৰি থৈ ৯ মান বজাত পাট্টায়াৰ সাগৰতীৰ পালোগৈ। নীলাভ পানী আৰু নীলিম আকাশেৰে সৈতে এটি খুবেই মনোমোহা দৃশ্য। দূৰত চকুৰে মনা-নমনা দূৰত্বত কেইখনমান জাহাজ।
তাৰপৰা এটি মনোমোহা দ্বীপপুঞ্জ Coral Island লৈ জাহাজেৰে যাবলৈ সময় লাগে প্ৰায় ৪০ মিনিট। এই দ্বীপপুঞ্জলৈ গৈ হোৱা তিনিটা বিশেষ অভিজ্ঞতা হ’ল – স্কুবা দাইভিং (Scuba diving), পেৰা চেইলিং (para-sailing) আৰু জেট স্কিয়িং (Jet skiing)
১) স্কুবা ডাইভিং: প্ৰথমতে স্পীড বোটেৰে ইতিমধ্যে নিৰ্দ্দিষ্ট কৰি থোৱা বিশেষ জাহাজখনলৈ আমাক লৈ যোৱা হ’ল। স্কুবা ডাইভিঙৰ অভিজ্ঞতা নথকাসকলক ডাইভিঙৰ আগতে কিছুমান কথা শিকাই লোৱা হয়। পানীৰ তলত উশাহ ল’বৰ বাবে পিন্ধিবলৈ দিয়া অক্সিজেন মুখাটোৰ ভিতৰত উচ্চ চাপত অক্সিজেন গেছ প্ৰবাহিত হৈ থকা বাবে বহুতে কাণৰ বিষত ভোগে। ইয়াৰ কাৰণটো হ’ল কাণৰ পৰা নাক সংযোগী Eustachian tube নামৰ সৰু নলীডালৰ দুইমূৰত বায়ুচাপৰ পাৰ্থক্য। পানীৰ তলৰপৰা উঠি নহা পৰ্য্যন্ত ইয়াৰপৰা ৰক্ষা পোৱাৰ কোনো উপায় নাই। আমাক বাওঁহাতত পোহৰ পৰিলে জিলিকি উঠা এক বিশেষ ধৰণৰ হাতমোজা পিন্ধিবলৈ দিয়া হৈছিল আৰু পানীৰ তলত উশাহ লোৱাত অসুবিধা, কাণৰ বিষ বা আন যিকোনো অসুবিধা হ’লে বাওঁহাতৰ বুঢ়া আঙুলিটো তিনিবাৰ ওপৰলৈ দেখুৱাই সংকেত দিবলৈ কোৱা হৈছিল। ওপৰৰ জাহাজৰ পৰা প্ৰতিমুহুৰ্ততে লক্ষ্য কৰি থকা লোকসকলে এই সংকেত পালেই ডুবাৰুজনক পানীৰ তলৰপৰা উঠাই আনিব। দ্বিতীয় কথাটো হ’ল পাকৈত ডুবাৰুসকলে পিন্ধা অক্সিজেন মুখাবোৰৰ নলীডাল মুখত সংলগ্ন হৈ থাকে উশাহ ল’ব পৰাকৈ। কিন্তু মই নতুন হোৱা বাবে আমাক পিন্ধিবলৈ দিয়া অক্সিজেন মুখাটো হেলমেট সদৃশ আছিল যাতে আমি বিশেষ কষ্ট নাপাওঁ। এনে ধৰণৰ মুখাৰ এক অসুবিধা হ’ল ইয়াৰ ডিঙিৰ অংশটোৰে ওপৰলৈ চলি থকা উচ্চচাপৰ অক্সিজেন প্ৰবাহে মুখাটোৰ ভিৰতলৈ পানী সোমোৱাত বাধা প্ৰদান কৰে যদিও পৰিধান কৰোতাজনে পানীৰ তলত কৰা কিছুমান ভুলৰ বাবে ইয়াৰ ভিতৰলৈ পানী সোমাৱাৰ সম্ভাৱনা থাকে যিটো অতিশয় বিপদজনক। এনে ধৰণৰ ভুল নকৰিবলৈ আমাক বিশেষভাৱে সকীয়াই থোৱা হৈছিল।
       জাহাজখনৰ পৰা দুজন ডুবাৰুৱে মোক সাগতৰলীলৈ লৈ যোৱাত সহায় কৰিলে। পানীৰ প্ৰতিসৰনাংক বায়ুতকৈ বেছি হোৱা বাবে সাগৰ তলিত দুটা বস্তুৰ মাজৰ দূৰত্ব সঠিকভাবে চিনি উলিওৱাত অসুবিধা পাইছিলোঁ। অলপ পিছতেই মোক লৈ যোৱা ডুবাৰু এজনে হাতত এবিধ হালধীয়া ৰঙৰ শেলাইজাতীয় বস্তু দি চটিয়াই দিবলৈ ইংগিত দিলে আৰু মুহুৰ্ততে জাক জাক ৰং-বিৰঙৰ মাছে চাৰিওফালৰ পৰা আমাক আগুৰি ধৰিলেএক ভুবন ভুলোৱা দৃশ্য। ইয়াৰ পিছতে একেবাৰে সাগৰৰ তলীলৈ লৈ যোৱা হ’ল মোক। ৰং বিৰঙৰ কোৰেল (Coral), ৰীফ (Reef) আৰু শিলৰ ফাকত লাগি থকা দুই এটা তৰামাছ (Star fish) ! মাজে মাজে মাছৰ খাদ্যবিধ ছটিয়াই থকা বাবে চাৰিওফালে সৰু সৰু মাছবোৰে লুকাভাকু খেলিয়েই আছিল। এখন বেলেগ পৃথিৱীত থকা যেন লাগিছিল। ইতিমধ্যে ডাইভিঙৰ সময় শেষ হৈ আহিছিল। অলপ অলপ কাণৰ বিষতো ভুগিছিলো যদিও সেয়া অসহ্যকৰ নাছিল বাবে ওপৰলৈ তুলি নিবলৈ ইংগিত দিয়া নাছিলোঁ। কিন্তু আমাৰ বাবে নিৰ্দ্দিষ্ট কৰি থোৱা সময় শেষ হোৱা বাবে ওপৰলৈ তুলি অনা হ’ল।
২) পেৰাচেইলিং (Para-sailing) আৰু জেট স্কিয়িং (Jet skiing): পেৰাচেইলিঙৰ বাবে আমাৰ স্পীড বোটেৰে আন এখন জাহাজলৈ নিয়া হ’ল। তাত তেওঁলোকৰ কৰ্মচাৰীয়ে পেৰাচুট এটা পিন্ধাই দিয়ে আৰু জাহাজৰ এক বিশেষ ঠাইৰপৰা তললৈ জপিয়াবলৈ দিয়া হয়। এই পেৰাচুটটো এখন স্পীড বোটৰ লগত বান্ধি ৰখা থাকে আৰু পানীলৈ জপিয়াই দিয়াৰ লগে লগে পানীত পৰিবলৈ নৌপাওঁতেই স্পীডবোটখনে পেৰাচুটটো টানি নিয়ে বাবে ঠিক চিলা উৰুওৱাৰ দৰে পেৰাচুটটোৰ লগতে মানুহজন উৰা মাৰে আকাশলৈ। প্ৰায় দহ-পোন্ধৰমিনিটমান সময় এনেদৰে উৰি থকাৰ পিছত পুনৰ সেই জাহাজখনলৈকে নমাই অনা হয়।
       জেট স্কিয়িঙৰ বাবে বিশেষ প্ৰশিক্ষণ দিয়া নহয় যদিও স্কিয়িঙৰ সময়ত এজন সহায়কাৰী থাকে সাম্ভাব্য বিপদৰ সময়ত সহায় কৰিবলৈ।
পাট্টায়াৰ আন এক বিশেষ আকৰ্ষন হ’ল শুনিলেই আচৰিত লগা কিছুমান খাদ্য সম্ভাৰ। অৱশ্যে কেৱল পাট্টায়াই নহয়, থাইলেণ্ডৰ আন বহু ঠাইত এনে খাদ্য উভৈনদী। ইয়াৰে কিছুমান ৰাস্তাৰ কাষত পোহাৰীয়ে বিক্ৰী কৰা খাদ্য আন কিছুমান বিশেষ ৰেষ্টুৰেন্টতহে পোৱা যায়। ৰাস্তাৰ কাষত বিক্ৰী হোৱা এনে দুবিধমান খাদ্য (?!) হ’ল – ফৰিং, উইচিৰিঙা আৰু বৃশ্চিক ভাজি। থাই ভাষাত ইয়াক মালাং টোড (Malang Tod) বুলি কোৱা হয়। আন কেইবিধমান এনে খাদ্য হ’ল – জীৱন্ত অৱস্থাতে খোৱা মিছামাছ (Goong Ten), জীৱন্ত গাগিনী ফৰিং (Gong Chae Nam Pla), ৰঙা পৰুৱা আৰু ইয়াৰ কণী (Larb Mote Daeng), পোৱালী জগিবলৈ কিছুদিন মাত্ৰ বাকী থকা কুকুৰাৰ কণী (Kai Khao), হাঁহৰ ঠোঁট ভাজি (Baak Bpet), লালুকী (Mok huak) ইত্যাদি।
       আটাইতকৈ বিভৎস খাদ্য পোৱা এখন বেকাৰী হ’ল ৰাটচাবুৰি (Ratchaburi) অত থকা এখন বেকাৰী - নাম Body bakeryইয়াত পোৱা প্ৰতিটো ব্ৰেড দেখিবলৈ হুবহু মানব দেহৰ একো একোটা অঙ্গৰ দৰে – কোনোবাটো এটা চিগি যোৱা আঙুলি, তেজেৰে তুমৰুলি মুখমণ্ডল, কাটি যোৱা হাত-ভৰি আনকি দেহৰ নাৰি-ভুৰি, যকৃত, কলিজা, হাঁওফাওঁ আদিৰ দৰে ব্ৰেডো ইয়াত পোৱা যায়। এইবোৰ ইমানেই নিখুতভাৱে তৈয়াৰ কৰা হয় যে ওচৰৰ পৰা চালেও সঁচা-মিছা ধৰিবলৈ অসুবিধা। কিট্টিৱাট উনাৰোম (Kittiwat Unarrom) নামৰ ব্যক্তিজনে দৈনিক তৈয়াৰ কৰি উলিয়ায় এই মানৱ অঙ্গৰ দৰে ব্ৰেডবোৰ
      একে আষাৰতে ক’বলৈ হ’লে থাইলেণ্ড হ’ল এনে এখন ঠাই য’ত প্ৰকৃতিৰ পৰা আৰম্ভ কৰি খাদ্য, মানুহৰ জীৱন ধাৰণৰ পদ্ধতি, সাজ-পোচাক, সংস্কৃতি, ধৰ্মবিশ্বাস আদি আটাইবোৰতেই বিভিন্নতা ইমানেই বেছি যে কৈ শেষ কৰিব নোৱাৰা বিধৰ। ৰাজধানী চহৰ বেংককৰ পৰা আৰম্ভ কৰি একেবাৰে উত্তৰ দিশত অৱস্থিত চিয়াং মাই, পাট্টায়াৰে দেশখনৰ বহুখিনি ঠায়েই চোৱা হ’ল যদিও ফুকেট, চিয়াং ৰাই, পাই আদিৰদৰে কেইখনমান চহৰ এৰিবলগীয়া হ’ল। ইতিমধ্যে ঘূৰি অহাৰ সময় চমু চাপি আহিছিল। প্ৰকৃতিৰ সৈতে নিবিড় বন্ধুত্ব থকা, নানা সংস্কৃতি পৰম্পৰাৰে সমাহাৰ, হিংস্ৰ হৈও যেন হিংস্ৰতা নথকা জীৱ-জন্তুবোৰ, সাগৰ তলীৰ ৰঙীন মুহুৰ্ত আদিবোৰ এৰিবলৈ মনটোৱে বিচৰা নাছিল যদিও এবুকু তৃপ্তি ও মাদকতা লৈ উভতিলোঁ কৰ্মক্ষেত্ৰলৈ। ইমানবোৰ বিভিন্নতাৰ লগতে আহাৰমহীয়া আম-কঠাল জাম, শাওনমহীয়া বৰষুণ আদিবোৰে বাৰুকৈয়ে জীপাল কৰি তুলিলে মনৰ কঠিয়াডৰা।
====================