Friday 26 July 2013

সেই ফটোখনৰ কথাৰে...
(ৰাস্কিন বণ্ডৰ The Photograph গল্পৰ ভাবানুবাদ)




মোৰ বয়স তেতিয়া দহ বছৰ। শুভ্ৰ শাৰী পৰিহিত আইতাই আমগছজোপাৰ তলৰ সেই সৰু খাটখনত বহি ঊলৰ স্কাৰ্ফ এখন গুঠি আছিল। গৰমকাল প্ৰায় শেষ হৈ আহিছে তেতিয়া। ফুলনিত অসংখ্য সুৰুজমূখী ফুল। সামান্য গৰম বতাহ এজাক বলি আছিল। আইতাৰ বয়স যথেষ্ট হৈছিল। চুলি প্ৰায়খিনিয়েই পকা কিন্তু গালখন একেবাৰেই সোতোৰা পৰা নাছিল। তেখেতৰ আঙুলিবোৰ কাপোৰখনৰ ওপৰেৰে খুব খৰ গতিৰে বগাই ফুৰিছিল।
                মই কাষৰে পথাৰখনত ক্ৰিকেট খেলি উভতিছোঁ মাত্ৰ। ভাতকেইটা খাই উঠি মায়ে ক’ৰবাৰ পৰা উলিয়াই থোৱা পুৰণি কাঠৰ বাকচ এটা দেখি খুচৰাত লাগিলো। বিশেষ একো ভাল নালাগিল – মাত্ৰ এখন ছবি থকা কিতাপত বাহিৰে। পাত লুটিয়াই লুটিয়াই চাই থাকোতেই মাজত এখন সৰু ফটো চকুত পৰিল। খুব পুৰণি কিজানি, একেবাৰে হালধীয়া পৰি গৈছে আৰু মাজে মাজে অস্পষ্টও হৈছে। বেৰ এখনত আউজি থকা সৰু ছোৱালী এজনী। বেৰখনৰ পিছপিনেৰে কাৰোবাৰ হাত দুখন ওলাই আছে; যেন তাত বগাবলৈ চেষ্টা কৰি আছিল কোনোৱে। ছোৱালীজনীৰ ওচৰে পাজৰে অসংখ্য ফুল। লগতে এডাল লতা বগাই থকাও চকুত পৰিল। মই তাৰপৰা দৌৰি আইতাৰ ওচৰলৈ গৈ সুধিলোঁ, “আইতা আইতা, এই ফটোখন চোৱাচোন! মই এই কিতাপখনৰ মাজত পালোঁ। কাৰ ফটো?” আইতাই মোক তপিনাত এচাপৰ দি ক’লে, “চব গণ্ডগোল লগালি তই! স্কাৰ্ফখনৰ গাঁঠিবোৰ গণি গৈ আছিলোঁ – পাহৰি গলোঁ নহয়! আকৌ যদি কৰ নহয় তই, গোটেইখন তই গুঠিব লাগিব।”
আইতাই মাজে মাজে মোক এনেকৈ ধমক দিয়েই থাকে। এবাৰ দৌৰাদৌৰি কৰি থাকোতে দ্ৰয়িংৰুমৰ পৰ্দাখন কেনেবাকৈ অলপ ফালিল। আইতাই মোৰদ্বাৰা গোটেইখন চিলোৱালে! অৱশ্যে মই কৰোতে চিলাইবোৰ দুই ইঞ্চিমানকৈ বহল হোৱা বাবে পিছত মায়ে আটাইবোৰ এৰুৱাই আকৌ নতুনকৈ চিলাবলগীয়া হৈছিল।

             আইতাই ফটোখন হাতত তুলি লৈ বহুপৰ একেথৰে চাই থাকিল। ছোৱালীজনীৰ চুলিখিনি দীঘল আৰু মেলি থোৱা আছিল আৰু তাই চুটি হাতৰ, ভৰিৰ সৰু গাঠিলৈকে পৰা দীঘল বগা কাপোৰ এযোৰ পিন্ধি আছিল। হাতত বহুতো খাৰু।
“কাৰ ফটো এইখন?” মই সুধিলোঁ।
“কনমানি ছোৱালী এজনীৰ। দেখা নাই নেকি তই?” আইতাই উত্তৰ দিলে।
তেওঁ পুনৰ কৈ উঠিল, “অঁ অঁ তাইক চিনি পাইছিলোঁ মই। বৰ দুষ্ট আছিল ছোৱালীজনী। কিন্তু তাইৰ কথা নকওঁ তোক। ফটোখনৰ কথাকে কওঁ বাৰু অলপ, শুন। এইখন প্ৰায় ষাঠি বছৰ আগতে তোলা – ককাৰৰ বাগিছাখনত। সৌখন চা, সেইখনেই সেই বাগিছাৰ পিছফালৰ বেৰখন আৰু তাৰ পিছফালেই চহৰলৈ যোৱা বাটটো।”
“সেই হাতদুখন কাৰ? পিছফালেৰে যে ওলাই আছে?” মই সুধিলোঁ।
আইতাই অলপ মনযোগেৰে ফটোখনলৈ চাই নঞাৰ্থক ভাৱেৰে মূৰটো লৰালে। “মইও আজিহে
  দেখিলো অ’ ! সেই চুইপাৰৰ ল’ৰাটোৰ চাগে। নহ’লে ককাৰৰো হ’ব পাৰে।”
: ককাৰ হাত? নহয় নেকি ! ককাৰ হাতদুখন চোন একেবাৰে ক্ষীণ মিন !
: এতিয়াহে! এইখন এতিয়াৰ ফটো নহয় নহয়, ষাঠি বছৰ আগৰ।
: ফটোখন তোলাৰ পিছত তেওঁ গছডালত বগাইছিল নেকি?
: নাই নাই, নাই বগোৱা। অৱশ্যে মোৰ ইমান ভালকৈ মনতো নাই।
: নাই বগোৱা বুলি তোমাৰ ভালকৈ মনত আছে তো?
: অঁ অঁ আছে। ফটোখনত নথকা বহুত কথাও মনত আছে মোৰ। সেইখিনি বসন্তৰ সময় আছিল। ছোৱালীজনীৰ ভৰিৰ কাষত যে ফুলবোৰ আছে, দেখিছ? সেইবোৰ নাৰ্জী ফুল। আৰু ওচৰতে বেঙুনীয়া ৰঙৰ বাগানবিলাস এজোপাও আছিল। সেই ৰংবিলাক ফটোখনত নাই। আৰু আজিকালি সেই ধুনীয়া গোন্ধটোও নোহোৱা হোৱাৰ দৰেই হ’ল।”
“হেই, মোক ছোৱালীজনীৰ কথা কোৱা!” মই কলোঁ।
: বৰ দুষ্ট আছিল সেইজনী। সেই কাপোৰযোৰ পিন্ধাবলৈ কমখন কষ্ট কৰিবলগীয়া হৈছিলনে অ’ !
: এঃ, কেনেকুৱা কাপোৰযোৰ !
: তাইক কাপোৰ পিন্ধোৱাটোৱেই মস্কিল আছিল। দিনৰ দিনটো কাষৰ সেই লেতেৰা পানীৰ পুখিৰীটোত ম’হৰ পিঠিত উঠি খেলি থাকিব ! আনকি কাষৰ তিখৰগুটি কেইটায়ো তাইক জোকাবৰ সাহ নকৰে। নহ’লে একেবাৰে চুলিত টানি, কিল-ভুকু মাৰি উৎপাত !
: তাইক দেখিলে অলপ তেনে যেন লাগে পিছে। কিন্তু ফটোখনত তাই হাঁহি আছে যে! কিবা হৈছিল নেকি?
: মাকে তাইক কাপোৰযোৰ সলাবলৈ মানা কৰিছিল। গতিকে তাই তেনেকৈয়ে সাঁতুৰিবলৈ গৈছিল সেইদিনা।
আইতা আৰু মই দুয়ো হাঁহিলোঁ।
“কিন্তু তাই আছিল কোন? ক’বই লাগিব মোক তুমি।” মই আঁকোৰগোজকৈ লাগিলোঁ। নজনাৰ ভাও জুৰিলোঁ যদিও মই ভালকৈয়ে ধৰিব পাৰিছিলোঁ। কাৰণ আইতাই এতিয়াও সেই একে ধৰণেই হাঁহি আছিল। দাঁত নথকা বাবে দেখিবলৈ বহুত বেলেগ হৈছিল অৱশ্যে।
“আইতা, কোৱাচোন! কোৱানা কোৱানা !!”
          কিন্তু আইতাই পুনৰ নঞাৰ্থক ভাৱেৰে মূৰটো লৰালে আৰু ঊণ গুঠাত লাগিল। মই ফটোখনৰ ছোৱালীজনী আৰু আইতাৰ মাজত কিবা মিল আছে নেকি চোৱাত লাগিলোঁ। এটা হালধীয়া ৰঙৰ পখিলা ক’ৰবাৰ পৰা উৰি আহি আইতাই গুঠি থকা কাপোৰখনতে পৰিল। মই তৎক্ষাণাত সেইটো থপিয়াই ধৰিলোঁ আৰু লাহেকৈ বেলিফুল এপাহৰ ওপৰত এৰি দিলোঁ।
“সেই হাত দুখন কাৰ আছিল বাৰু!!” আইতাই সৰুকৈ মুখৰ ভিতৰতে ভোৰভোৰালে।
                                                     =================