Saturday 15 December 2012

মোৰ লক্ষ্য


মোৰ লক্ষ্য

লক্ষ্যধৰ চৌধুৰী


মই গান্ধীজীৰ দৰে হ
সদায় সত্য পথত ৰ
অহিংস ব্রতেৰে জগত-জিনিম
সত্য কথাহে ক
মই গান্ধীজীৰ দৰে হম।

মই হম জৱাহৰলাল
পৰাধীনতাৰ সাগৰ-সাঁতুৰি

তৰিম জয়ৰ পাল
মই হম জৱাহৰলাল ।

মই হম আজাদৰ দৰে
বচনত ধীৰ
কামত গম্ভীৰ
দেশৰ কাৰণে সকলো স্বার্থ
বলি দিম অকাতৰে ।

মই নেতাজী সুভাষ হ
বিপ্লৱৰ অগনি জ্বলাই
জয় হিন্দেৰে মেদিনী কঁপাই
পর্বত লঙ্ঘি,সাগৰ নেওচি
মই নেতাজী সুভাষ হম ।

মই হম জয় প্রকাশ
নহঁও কাৰোৰে দাস
কৃষক বনুৱাৰ উন্নতি সাধিম
উচ্চ-নীচৰ শিপা উঘালিম
নিজৰ ভৰিত নিজে থিয় দিম
নকৰো পৰত আশ
মই হম জয় প্রকাশ ।

মই হম সৰোজনী
বিশ্ব বিজয়িনী
সুপ্ত ভাৰত জগাই তুলিম
ঢালি সঞ্জীৱণী
মই হম সৰোজনী ।

মই হম কর্মবীৰ
চিৰ উন্নত শিৰ
নামতো নবীন
কামতো নবীন
বীৰ পুত্র জননীৰ
মই হম কর্মবীৰ ।

মই হম দেশভক্ত তৰুণৰাম
দেশৰ কাৰণে সকলো তিয়াগি
যুঁজিম অবিৰাম
ৰাখিম দেশৰ নাম
মই হম তৰুণৰাম ।

মই হম কণকলতা
প্রাণ বলি দিয়ো
উদ্ধাৰি আনিম
দেশৰ স্বাধীনতা
মই হম কণকলতা ।

মই কুশল কোঁৱৰ হ
নির্ভীক অহিংস বীৰ
সদায় উন্নত শিৰ
দেশৰ কাৰণে দহৰ কাৰণে
হাঁহি হেলাৰঙে
ডিঙিত চিপজৰী ল
মই কুশল কোঁৱৰ হম ।