Tuesday 20 March 2012

পোহৰতকৈ বেগী !!

 


ল’ৰালিৰ সেই সোণোৱালী দিনবোৰ ! দহ বজাত ৰাস্তাৰ বোকা-পানী গচকি স্কুললৈ দৌৰা। কুঁহিপাঠৰ “অ, আ, ক, খ” ৰ পৰা ক্রমান্বয়ে “বক্‌বক্‌, ঝক্‌ঝক্‌”, “নিচিনো তোমাক ক’ত আছা প্রভু, আছা নেকি প্রভু সৰগত তুমি হই জোন বেলি তৰা?”, “পুৱাৰ পোহৰ ওলাওঁ ওলাওঁ”.... প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ শ্রেণী। চাৰি বজাত স্কুল চুটি  - আৰু কোনে পায় !! পথাৰৰ মাজেদিয়েই হওক বা কাৰোবাৰ চোতালৰ মাজেদিয়েই হওক বাট পোনাই সোনকালে ঘৰ পাবহি লাগে। সন্ধিয়া পৰত মুকলি আকাশৰ তলত বিচনিৰ বা লৈ আইতাৰ সাধু শুনা। ৰাজকোঁৱৰে ৰথত উঠি জোনবাইৰ দেশলৈ যোৱা, তৰা বুটলি অনা সাধু ! লাহে লাহে জোনবাই গুচি হ’লগৈ জোন, চন্দ্র । বেলি মামা গুচি হ’লগৈ সূর্য্যকিন্তু সেই জোনবাইৰ-তৰাৰ দেশলৈ যোৱা হাবিয়াসবোৰ হাবিয়াসেই হৈ থাকিল । চোতালৰ মাজেৰে বাট পোনোৱা অভ্যাসবোৰো নগ’লপিছে জোনবাইৰ দেশত হেনো বায়ুয়েই নাই উশাহ ল’বলৈ । তাত হেনো তুলসীৰ তলে তলে হৰিণা পহুও চৰি নুফুৰে – সেই ক’লা ক’লা দাগবোৰ হেনো কিছুমান বিশালকায় পাহাৰহে, নাম চন্দ্রকলংক। তৰাৰ দেশলৈ যোৱাৰটো প্রশ্নই উঠিব নোৱাৰেদূৰত্ব ইমানেই বেছি যে মানুহৰ আয়ুসৰ কেবা শ-হাজাৰ গুণে বেছি সময় লাগিব তালৈ যাবলৈ তেন্তে? এই অচিনা-অজান দেশবোৰলৈ যোৱাৰ কোনো উপায়েই নাই নেকি? এনে কোনো বাট নাইনে যে আমিবোৰ কম সময়তে সেই ঠাই পাবগৈ পাৰোঁ; ঠিক আমি স্কুলৰ পৰা উভতি আহোঁতে লোৱা চমু বাটবোৰৰ দৰে? এই প্রশ্নৰ উত্তৰ পাবলৈ আমি এটা কথা জনা দৰকাৰ হ’ব যে কেৱল আমিবোৰেহে চমু বাট লওঁ নেকি? প্রকৃতিৰ আন জীৱ-জন্তু, চৰাই-চিৰিকতি আনকি এই বিশ্বব্রহ্মাণ্ড গঠনকাৰী ক্ষুদ্ৰাতিক্ষুদ্র কণিকা (elementary particles) বোৰৰ ক্ষেত্ৰত এই কথা প্রযোজ্য হয় নে নহয় বাৰু? নাইবা আমি অতি তীব্র বেগত যাব নোৱাৰোঁনে সময় ৰাহি কৰিবলৈ?
বিশিষ্ট পদার্থবিদ আইনষ্টাইনৰ মতে এই ব্রহ্মাণ্ডৰ সকলো ঘটনা পৰিঘটনাই আপেক্ষিক। ‘কম বা বেছি’ বুলি কোৱাৰ লগে লগে প্রশ্ন হ’ব “কাৰ তুলনাত?” । প্রথমতে দূৰত থকা তৰা (নক্ষত্র) বোৰৰ কথা বাদ দিয়া হওক। পৃথিবীৰ একেবাৰে ওচৰত থকা নক্ষত্র প্রক্সিমা চেন্টাউৰী। ই পৃথিবীৰ পৰা প্রায় ৪.২ আলোকবর্ষ (এক আলোকবর্ষ হ’ল পোহৰে এক বছৰত অতিক্রম কৰা দূৰত্ব) দূৰত অবস্থিত। পোহৰৰ গতিবেগ প্রতি চেকেণ্ডত তিনি লাখ কিলোমিটাৰ। এতিয়া প্রশ্ন হ’ব আমি অতি বেছি কিমান গতিবেগত যাব পাৰোঁ? ১০০ কি.মি., ২০০ কি.মি., ১০০০ কি.মি. নে তাতোকৈও বেছি? এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে আমি ১০০ কি.মি. বুলিলে এক ঘন্টাত ১০০ কি.মি যোৱাটোহে বুজোঁ। কিন্তু পোহৰে এক চেকেণ্ডতেই যায় তিনি লাখ কিলোমিটাৰ যাৰ তুলনাত আমিবোৰে যাব পৰা গতিবেগৰ উচ্চ সীমা তেনেই নগন্য। 

আমি বাৰু পোহৰৰ বেগত যাব নোৱাৰোঁনে? উত্তৰটো হ’ব – নোৱাৰোঁ। বিখ্যাত পদার্থবিদ আইনষ্টাইনৰ মতে কোনো ভৰযুক্ত কণাই পোহৰৰ গতিবেগত যাব নোৱাৰে, তাতকৈ বেছি বেগত যোৱাৰটো প্রশ্নই নুঠে। পোহৰৰ গতিবেগত যোৱা যিকোনো বস্তুৰেই ভৰ হ’বগৈ অসীম, যিটো অসম্ভব। আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদ সূত্ৰ অনুসৰি কোনো এটা প্রসংগ প্রণালী (frame of reference) যদি পোহৰৰ বেগত (বা পোহৰৰ ওচৰা-উচৰি বেগত) গতি কৰে, তেন্তে তাত সময়ৰ হেৰফেৰ নহয় । আকৌ যদিহে ই পোহৰতকৈও বেছি বেগত গতি কৰে, তাত সময়ে ওলোটা পথ লয়; অর্থাৎ সময় পিছুৱাই যায় । ইয়াৰ ওপৰত ভিত্তি কৰি সৃষ্ট যঁজা ভ্রাতৃৰ সাঁথৰ (Twin paradox)ৰ বিষয়ে নিশ্চয় প্রায় সকলোৱে শুনিছে। কাহিনীটো এনে ধৰণৰ – দুজন যঁজা ভায়েক; দুয়োৰে বয়স সমান। এজনে পৃথিবীৰ পৰা এখন মহাকাশযানত পোহৰৰ বেগত যাত্রা আৰম্ভ কৰি পুনৰ ঘুৰি আহিল। কিন্তু যেতিয়া দুই ভ্রাতৃৰ দেখাদেখি হ’ল, দুয়ো দুয়োকে দেখি হতভম্ব! পৃথিবীত থকা ভায়েকজন প্রায় বৃদ্ধ হৈ পৰিছে কিন্তু আনজনৰ বয়সৰ কোনো তাৰতম্যই হোৱা নাই! অর্থাৎ পোহৰৰ বেগত যোৱা ভায়েকজনৰ ক্ষেত্ৰত সময় হয়তো কেই মিনিটমানহে পাৰ হৈছে, কিন্তু পৃথিবীত ইতিমধ্যে কেবা বছৰো পাৰ হৈ গৈছে। তাৰমানে এয়াই যে পোহৰৰ বেগত যোৱা যিকোনো প্রসংগ প্রণালীত (frame of reference) এটা স্থিত প্রসংগ প্রণালীৰ তুলনাত সময় লাহে লাহে প্রবাহিত হয় (time dilation)কথাটো এনে ধৰণেও বুজিব পাৰি – গতিশীল প্রসংগ প্রণালীত কঢ়িয়াই নিয়া ঘড়ী ‘স্লো’ যায়। এইখিনিতেই সকলো অনুসন্ধিৎসু মনতেই স্বাভাবিকতেই এটা প্রশ্ন জাগিব যে – এইবোৰ কেবল তাত্বিকভাবেহে সম্ভব নে ইয়াৰ পৰীক্ষামূলক প্রমাণো আছে? এটা প্রাকৃতিক পৰিঘটনাত ইয়াৰ প্রমাণ পোৱা গৈছে। দূৰ মহাকাশত স্বাভাবিকতে সংঘটিত এক ধৰণৰ বিষ্ফোৰণ হ’ল – চুপাৰনোভা বিষ্ফোৰণ। যেতিয়া এটা নক্ষত্রই নিজৰ আয়ুসকাল সম্পূর্ণ কৰে, অর্থাৎ নিজৰ অন্তিম অৱস্থালৈ যায়, তেতিয়াই এনে ধৰণৰ বিষ্ফোৰণ হয়। ইয়াৰ ফলত বহুতো ক্ষুদ্রাতিক্ষুদ্র কণিকাৰ সৃষ্টি হয় আৰু এইবোৰ চাৰিওফালে সিচৰিত হৈ পৰে। তাৰ কিছুমান পৃথিবীৰ সীমাৰ ভিতৰলৈকো সোমাই পৰে। এইবোৰক কচ্‌মিক ৰশ্মি (cosmic rays) বোলে। এই ৰশ্মিত এবিধ বিশেষ কণিকা পোৱা যায়, নাম মিউ মেজন (Mu meson)এই কণিকাৰ আয়ুসকাল প্রায় ২.২ মাইক্র’ছেকেণ্ড (এক মাইক্র’ছেকেণ্ড হ’ল এক ছেকেণ্ডৰ এক নিযুত ভাগৰ এভাগ) মাথোন। এই আয়ুসকাল অনুযায়ী ই সৃষ্টি হোৱা ঠাইৰপৰা পৃথিবীৰ বায়ুমণ্ডল ঢুকি পাবহিয়েই নালাগে। কিন্তু পৃথিবীৰ সাগৰপৃষ্ঠৰ স্তৰলৈকে এই কণিকা অহাৰ স্পষ্ট প্রমাণ পোৱা গৈছে। ই কেনেকৈ সম্ভবপৰ হ’ল? ইয়াৰ একমাত্র কাৰণ হ’ল – কণিকাবোৰ পোহৰৰ বেগৰ ওচৰা-উচৰি বেগত গতি কৰা বাবে ইহঁতৰ আয়ুসকাল প্রকৃত আয়ুসকালৰ তুলনাত যথেষ্ট বৃদ্ধি পায় আৰু সেইবাবেই ই ইমানদূৰ বাট অতিক্রমি পৃথিবী সোমাবহি পাৰিলে। 

আচৰিত যেন লাগিলেও সঁচা যে বেছি সময়জুৰি মহাকাশ ভ্রমণ কৰা মহাকাশচাৰীৰ ক্ষেত্রতো সময়ৰ (অর্থাৎ বয়সৰ) এই তাৰতম্য পোৱা গৈছে । ৰাছিয়াৰ মহাকাশচাৰী ছেৰেগেই ক্রিকালেভ (Sergei Krikalev) হৈছে বর্তমানলৈকে আটাইতকৈ দীর্ঘ সময় মহাকাশ ভ্রমণ কৰা মহাকাশচাৰীএওঁ ৮০৩ দিনৰো বেছি দিন ধৰি একেৰাহে মহাকাশ ভ্রমণ কৰিছিল; গতিবেগ আছিল ঘন্টাত ১৭০০০ মাইল। ঘূৰি অহাৰ পিছত তেওঁ কঢ়িয়াই নিয়া ঘড়ীটো পৃথিবীত থকা ঘড়ীৰ তুলনাত এক ছেকেণ্ডৰ ৫০ ভাগৰ এভাগ পিছপৰি থকা দেখা গ’ল। এই কথাবোৰ বা এই সূত্ৰটোকেই লৈ সময়-ভ্রমণক বিষয়বস্তু হিচাবে লৈ বহুতো আমোদজনক কাল্পনিক কাহিনী আৰু উপন্যাস ৰচিত হৈছে । ক’ৰবাত যদি সময় পিছুৱাই গৈ মানুহ এজনে পূর্বজন্ম দেখা পোৱাৰ কাহিনী বর্ণিত হৈছে, আনখনত হয়তো কোনোৱে নিজেই নিজৰ ল’ৰালি কালৰ সময়ৰ মানুহজনক লগ পাইছেগৈ।
সকলোকে আচৰিত কৰি অলপতে জেনেভাৰ CERN (European Organization for Nuclear Research) ত কৰা এটা পৰীক্ষাত নিউট্ৰিন’ কণাই পোহৰতকৈ বেছি বেগত গতি কৰা বুলি বিজ্ঞানীসকলে সদৰি কৰিলে বিশাল হেড্রন ক’লাইডাৰ (Large hadron collider) ত কৰা এই পৰীক্ষাত ১৫০০০ নিউট্রিন’ ৰশ্মিক প্রচণ্ড বেগেৰে গতি কৰিবলৈ দি ৭৩০ কিলোমিটাৰ আঁতৰত সংগ্রহ কৰা হৈছিল । পোহৰে এইখিনি দূৰত্ব যাবলৈ এক চেকেণ্ডৰ ২৪০০ ভাগৰ এভাগ সময় ল’লেহেঁতেন – কিন্তু নিউট্রিন’ কণাই সেইখিনি দূৰত্ব পোহৰতকৈ ৬০ নেন’চেকেণ্ড (এক নেন’চেকেণ্ড হ’ল এক ছেকেণ্ডৰ এক হাজাৰ নিযুত ভাগৰ এভাগ) আগতেই অতিক্রম কৰিলে । পৰীক্ষাটোত হ’ব পৰা যিকোনো ধৰণৰ ভুলৰ সম্ভাৱনা নুই কৰি CERN ৰ বিজ্ঞানীসকলে এইবুলি দাবী কৰে যে তেওঁলোকে একেটা পৰীক্ষা কেবাবাৰো কৰি সম্পূর্ণ তিনি বছৰৰ পিছতহে এই ফলাফল ৰাজহুৱা কৰিছেকিন্তু ই কেনেকৈ সম্ভব? এই ফলাফল সঁচা বুলি মানিবলৈ হ’লে আমিবোৰে ইমানদিনে পঢ়ি অহা পদার্থবিজ্ঞানৰ সমূহ তত্ব ভুল বুলি মানি ল’ব লাগিব, বিশেষকৈ এলবার্ট আইনষ্টাইনৰ সেই বিখ্যাত বিশেষ আপেক্ষিকতাবাদৰ সূত্রটো। যদি CERN বিজ্ঞানীসকলৰ পৰীক্ষাৰ ফলাফল আৰু আইনষ্টাইনৰ আপেক্ষিকতাবাদ দুয়োটাকেই সঁচা বুলি ধৰা হয়, তাৰ আঁৰত কি কি থাকিব পাৰে বাৰু? বিজ্ঞানীসকলে এই ক্ষেত্রত দুটা সম্ভাৱনাৰ কথা উল্লেখ কৰিছে।
১) নিউট্রিন’ কণাৰ ভৰ নিৰুপনৰ বাবে কৰা নিউট্রিন’ দোলন পৰীক্ষা (Neutrino oscillation experiment) ৰ পৰা প্রমাণিত হৈছিল যে ই ভৰহীন কণা নহয় । কিন্তু যিহেতু দোলন পৰীক্ষাৰ দ্বাৰাহে এই ভৰ  নিৰুপণ কৰি উলিওৱা হৈছিল, বহুতো পদার্থ বিজ্ঞানীয়ে এইটো শুদ্ধ নহয় বুলি ক'ব বিচাৰে ।

এতিয়া, বিশেষ আপেক্ষিকতাবাদৰ সূত্রমতে "কোনো ভৰযুক্ত কণা পোহৰতকৈ বেছি বেগত যাব নোৱাৰে"
কিন্তু যদিহে নিউট্রিন' ভৰহীন, তেন্তে এইটো নিতান্তই সম্ভৱ ।

আন এটা সম্ভাবনা হ’ল – এটা চমু বাটৰ সন্ধান কৰাটো। তাত্বিক পদার্থবিজ্ঞানীসকলে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ সূত্ৰৰ সমীকৰণসমূহ সমাধান কৰি মহাকাশৰ স্থান-কাল বক্রৰ (space-time curve) এনে কিছুমান সুৰংগৰ সম্ভেদ পাইছে, যাৰ মাজেৰে গ’লে সুৰংগৰ ইটো মূৰৰপৰা সিটো মূৰলৈ অতি কম সময়তে যাব পাৰি ।  এই সুৰংগবোৰক ৱর্মহ’ল (wormhole) বুলি নামাকৰণ কৰা হৈছে আৰু এইবোৰেই হ’ল মহাকাশৰ চমুবাট !! এই ৱর্মহ’লসমূহৰ অস্তিত্ব বহুতো পদার্থবিজ্ঞানীয়ে নাকচ কৰি আহিছিল। কিন্তু পোহৰতকৈ বেগী কণিকাৰ আৱিষ্কাৰে বিজ্ঞানীসকলক আকৌ এবাৰ ভবাই তুলিলে । ৱর্মহ’লৰ বিষয়ে সহজকৈ বুজিবলৈ এটা সৰু উদাহৰণ লোৱা হওক। কাগজ এচিলাৰ এমূৰে চেনীৰ দানা এটা থৈ আনটো মূৰত পৰুৱা এটা এৰি দিয়া হ’ল। প্রথম অবস্থাত ধৰি লোৱা হ’ল যে আমি কাগজখন ভাঁজ কৰিব নোৱাৰোঁ। অর্থাৎ তাত পৰিসৰ বা স্থানাংক (dimension) এটাই। পৰুৱাটোৱে দানাটো ঢুকি পাবলৈ খোজকাঢ়ি দানাটোৰ ওচৰলৈ যাব লাগিব। এই কাগজখন, পৰুৱাটো আৰু চেনীৰ দানাটোক একেলগে এটা “প্রসংগ প্রণালী” বুলি কোৱা হওক। এতিয়া এই প্রণালীটোত আৰু এটা স্থানাংক যোগ দিয়া হ’ল – অর্থাৎ আমি কাগজখন কোনো এফাললৈ ভাঁজ কৰি দিব পাৰোঁ। গতিকে পৰুৱাটোৱে কম দূৰত্ব গৈয়েই দানাটো খাব পাৰিব। এতিয়া তাত আন এটা তৃতীয় স্থানাংক যোগ দিয়া হ’ল – আমি এতিয়া কাগজখন মুচৰি দিব পৰা হলোঁ। যাৰ ফলত পৰুৱাটোৰ বাট আৰু চমু হ’ব। অর্থাৎ এটা প্রণালীত স্থানাংকৰ সংখ্যা যিমানেই বেছি হয়, এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ চমু বাট এটা বিচাৰি পোৱাৰ সম্ভাবনা সিমানেই বৃদ্ধি পায়ধৰি লোৱা হ’ল তাত আন এটা চতুর্থ স্থানাংকও (কাল্পনিক) যোগ দিয়া হ’ল – কাগজখন ভাঁজ কৰি দিয়াৰ পিছত এফালৰ পৰা আনফাললৈ যাব পৰাকৈ এটা চুটি সুৰংগ তৈয়াৰ কৰি। পৰুৱাটোৰ বাট আৰু চমু হৈ নাযাবনে? স্থান-কাল বক্রৰ এনে ধৰণৰ সুৰংগই হ’ল ৱর্মহ’ল
এতিয়া কাগজখন মুচৰি ভাঁজ কৰিবলৈ লগা শক্তিখিনি বাৰু আমি যোগান ধৰিলোঁ। কিন্তু স্থান-কাল বক্ৰ ভাঁজ কৰিবলৈ লগা প্রচণ্ড শক্তিৰ (বা ভৰৰ; যিহেতু ভৰ আৰু শক্তি একেই) উৎস কি হ’ব? তাত্বিক পদার্থবিজ্ঞানীসকলে কোৱামতে তৰা এটাৰ ভৰ যদিহে সূর্য্যৰ ভৰৰ তিনি গুণ বা তাতকৈ বেছি হয়, তেন্তে তাৰ অন্তিম দশা হয়গৈ কৃষ্ণগহ্বৰ (blackhole)কৃষ্ণগহ্বৰ এনে এক বস্তু য’ত অতি কম ঠাইতে অতি বেছি ভৰ পূঞ্জীভূত হৈ থকাৰ বাবে তাৰ মাধ্যাকর্ষণ শক্তি প্রচণ্ড বেছি হয়। এই শক্তি ইমানেই বেছি যে তাৰপৰা আন পদার্থটো বাদেই, পোহৰো ওলাই আহিব নোৱাৰে। পোহৰ নথকাৰ বাবেই ই সম্পূর্ণ আন্ধাৰ আৰু তাৰবাবেই ইয়াক কৃষ্ণ (অর্থাৎ ক’লা) গহ্বৰ বোলে। ইয়াৰ প্রচণ্ড মাধ্যাকর্ষণ শক্তিয়ে (super gravity) ওচৰৰ স্থান-কাল বক্র যথেষ্ট পৰিমাণে ভাঁজ কৰাব পাৰে বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে। গতিকে কৃষ্ণগহ্বৰৰ ওচৰে পাঁজৰে ৱর্মহ’ল থকাৰ সম্ভাৱনা অতি বেছি
 
ৱর্মহ’লৰ মাজেৰে পাৰ হৈ গ’লে হয়তো পোহৰতকৈ আগতে গন্তব্যস্থান পোৱা সম্ভব, কিন্তু তাৰমানেই পোহৰতকৈ বেছি বেগত যোৱাটো নুবুজায়। ৱর্মহ’লৰ মাজেৰে সময় ভ্রমণ (time travel) সম্ভব নেকি বাৰু? আইনষ্টাইনৰ সাধাৰণ  আপেক্ষিকতাবাদ (general relativity) সূত্র মতে স্থান-কাল অর্থাৎ অবস্থান আৰু সময় এটা আনটোৰ অভিন্ন অংগ, এটা নাথাকিলে আনটোৰো অস্তিত্ব নাই। গতিকে ৱর্মহ’লৰ মাজেৰে স্থান-কাল বক্রৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ যোৱা মানেই আমি এচোৱা সময়ৰ পৰা আন এচোৱা সময়লৈ যোৱাই নহ’ল জানো?
জেনেভাৰ বিশাল হেড্রন ক’লাইডাৰত কৰা প্রায়বোৰ পৰীক্ষাই অতি উচ্চ শক্তিসম্পন্ন (যদিও কৃষ্ণগহ্বৰৰ তুলনাত কম)। গতিকে যদিহে আমি জনা তিনিটা স্থানাংক দীঘ, প্রস্থ আৰু উচ্চতাৰ উপৰিও অতিৰিক্ত স্থানাংকৰ অস্তিত্ব আছে, তেন্তে নিউট্রিন’ কণাবোৰ তেনে কোনো অতিৰিক্ত স্থানাংকৰ দ্বাৰা সৃষ্ট গুপ্ত পথ বা চমুবাটেৰে গৈ পোহৰতকৈ আগতে গন্তব্যস্থান পোৱাৰ কথা নস্যাৎ কৰিব নোৱাৰি।
অতিৰিক্ত স্থানাংক আৰু ৱর্মহ’লৰ অস্তিত্ব যদি পৰীক্ষামূলকভাৱে প্রমাণিত হয় আৰু অদূৰ ভবিষ্যতে কোনোবা এজনে আপোনাৰ দুৱাৰত টুকুৰিয়াই নিজকে আপোনাৰ আজোনাতিৰ আজোনাতিৰ আজোনাতিয়েক বুলি দাবী কৰে, তাত হয়তো হতচকিত হ’বলগীয়া একো নাথাকিব। 
==========================


সাতসৰীৰ পাতৰপৰা